চৰাই এইফালে অহাচোন (শিশু কবিতা)- নিতিষ্মান দাস

pc.- The Gaurdian

চৰাই এইফালে অহাচোন (শিশু কবিতা)

চৰাই তুমি কেনেকৈ উৰিব পাৰা?

ডেউকা মেলি কেনেকৈ বতাহৰ লগত উৰা?

এইফালে অহাচোন মোকো উৰিবলৈ শিকোৱা!

আকাশৰ পৰা ধৰাখনি তুমি বাৰু কেনেকুৱা দেখা পোৱা?

আকাশৰ ৰামধেনুক তুমি চুই পাইচা নে?

তুমি ডাৱৰত বহি পাইচা নে?

তুমি নাথাকিলে ধৰাৰ সৌন্দৰ্য হব নোহোৱা,

ওখ বিৰিখত তুমি বাৰু কেনেকৈ বাঁহ বনোৱা?

তুমি কেতিয়াবা খেল খেলা নে?

তুমিও আমাৰ দৰে বিদ্যালয় যোৱা নে?

তোমাৰ বাৰু ঈশ্বৰ কোন হয়?

মানৱৰ অত্যাচাৰত তোমালোকৰ কিমান হয় বিলয়!

তুমি ইমান সুৰীয়া গান কেনেকৈ গোৱা?

তুমি বিজুলীৰ তাৰত বাৰু কেনেকৈ বহা?

আকাশৰ পৰা আমাৰ ঘৰখন এটা বিন্দুৰ দৰে লাগেনে?

সচাকৈ আকাশৰ ৰংটো নীলা হয় নে?

এদিন ময়ো তোমাৰ দৰে ওপৰত উৰিবলৈ চাম!

ময়ো তোমাৰ দৰে সুৰীয়া গান গাম!

তেতিয়া কথা পাতিম তোমাৰ সৈতে ৰামধেনুত বহি,

আৰু আকাশৰ পৰা ধৰাখনি চাম তোমাৰ সৈতে উৰি।

-নিতিষ্মান দাস

সপ্তম শ্রেণী