চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ‘উৎকৰ্ষতাৰ কেন্দ্ৰ’ৰূপে উন্নীতকৰণৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ

pc ETV Bharat

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ‘উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে উন্নীতকৰণৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ

অনলাইন বাৰ্ত্তাসেৱা – গুৱাহাটীস্থিত উত্তৰ-পূব ভাৰতৰ সবাতোকৈ পুৰণি আয়ুর্বেদিক চিকিৎসা শিক্ষানুষ্ঠান চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ‘উৎকৰ্ষতাৰ কেন্দ্ৰ’ৰূপে উন্নীতকৰণৰ বাবে শীঘ্ৰে অসম চৰকাৰে ভাৰত চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দাখিল কৰিব। ইয়াৰ বাবে স্বাস্থ্য বিভাগে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই বিভাগীয় শীর্ষ বিষয়াসকলক লগত লৈ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আয়ুর্বেদিক চিকিৎসানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ লগত গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাজ্যিক আয়ুষ অভিযানৰ সঞ্চালক তথা স্বাস্থ্য সচিব হেমেন দাস, এন এইচ এমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিৎ তালুকদাৰ আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাৰ সৈতে হোৱা স্বাস্থ্য মন্ত্ৰীৰ এই আলোচনাত মহাবিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে উন্নীতকৰণ প্ৰক্ৰিয়াৰে জড়িত দিশসমূহৰ বিষয়ে বিস্তাৰিতভাৱে চৰ্চা কৰা হয়। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়খনৰ বৰ্তমানৰ আন্তঃগাঁথনি, ফেকাল্টী, চিকিৎসালয়ৰ আন্তঃ আৰু বহিঃ বিভাগ আদিৰ বিষয়েও পর্যালোচনা কৰি এইক্ষেত্ৰত কেতবোৰ জৰুৰী দিশত খৰতকীয়া কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে যোৱা ২৮ আগষ্টত গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূবৰ স্বাস্থ্য আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰীসকলৰ এখন সন্মিলনত আমন্ত্রিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ১৯৪৮ চনতে প্রতিষ্ঠিত চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়খনক দেশৰ আয়ুৰ্বেদিক চিকিৎসা শিক্ষাৰ অন্যতম উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে উন্নীতকৰণৰ পোষকতা কৰি কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাইছিল। মুখ্যমন্ত্ৰীৰ এই অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনাবলৈ কেন্দ্রীয় চৰকাৰৰ আয়ুষ মন্ত্ৰালয় বিশেষভাৱে আগ্রহী বুলি সেই সন্মিলনতে আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে প্ৰকাশ কৰে।

(UD.)