চীনৰ ওহানৰ কৰ’নাকালৰ ছবি বিশ্ববাসীক জনাই আইনৰ ৰোষত সাংবাদিক

pc-Scroll.in

চীনৰ ওহানৰ কৰ’নাকালৰ ছবি বিশ্ববাসীক জনাই আইনৰ ৰোষত সাংবাদিক

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ৰঙা চীন’ৰ নিষ্ঠুৰতা।চৰকাৰৰ সমালোচনা কৰা বাবেই এগৰাকী সাংবাদিকক দেশখনে মৃত্যুৰ মুখলৈ ঠেলি দিছে।চীনৰ ওহানৰ কৰ’নাকালৰ ছবিখন বিশ্ববাসীক জনাই আইনৰ ৰোষত পৰিছিল ঝাং ঝান নামৰ এগৰাকী মহিলা সাংবাদিক।ঝ্যাং ঝান নামৰ ৩৮ বছৰীয়া অধিবক্তা তথা সংবাদিকগৰাকীয়ে ২০২০চনত উহান ভ্ৰমণ কৰিছিল আৰু ক’ভিড মহামাৰীৰ অভিকেন্দ্ৰ উহানত ক’ভিড ব্যৱস্থাপনৰ বিশৃংখলাৰ বিষয়ে প্ৰকাশ কৰি ইয়াৰ ব্যৱস্থাপনাৰে জড়িত প্ৰশাসনৰ লোকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।সেই সময়ত কিদৰে প্ৰশাসনে মানুহক বলপূৰ্বক ঘৰৰ ভিতৰতাৱদ্ধ কৰি ৰাখিছিল, কিদৰে জনশূন্য হৈ পৰিছিল দোকান-পোহাৰ আদি সকলো কথাই সাংবাদিক গৰাকীয়ে কেমেৰাত আৱদ্ধ কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চেনেলত এই বিষয়ে সাক্ষাৎকাৰো প্ৰকাশ কৰিছিল।নিজৰ স্মাৰ্টফোনৰ জৰিয়তে ভিডিঅ’ প্ৰস্তুত কৰি প্ৰকাশ কৰাৰ অভিযোগত তেওঁ ২০২০ চনৰ মে’ মাহত চীন চৰকাৰে আটক কৰে আৰু ডিচেম্বৰ মাহত ৪ বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে।কাৰাগাৰলৈ নিক্ষেপ কৰা সংবাদিকগৰাকী এতিয়া মৃত্যুৰ গৰাহত পৰিছে বুলি তেওঁৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে।কাৰাগাৰত অনশন কৰি থকা সাংবাদিক গৰাকীৰ স্বাস্থ্য অতি শোচনীয় হৈ পৰা বুলি প্ৰকাশ কৰি তেওঁক তৎক্ষণাত মুকলি কৰি দিবলৈ বিভিন্ন সংগঠনে এতিয়া দাবী তুলিছে।