চিকিৎসা সঁজুলি(Medical Devices) খণ্ডত কেৰিয়াৰৰ সুযোগ – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc SGS

চিকিৎসা সঁজুলি(Medical Devices) খণ্ডত কেৰিয়াৰৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

চিকিৎসা সঁজুলি (Medical Devices) উদ্যোগটো হৈছে স্বাস্থ্যসেৱা, প্ৰযুক্তি আৰু অভিযান্ত্ৰিকীৰ সংমিশ্ৰণ ঘটোৱা অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ড। চিকিৎসা সঁজুলি হৈছে চিকিৎসা, ৰোগ নিৰ্ণয়, পৰ্যবেক্ষণ, পুনৰ্বাসন আৰু স্বাস্থ্যসেৱাৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ, সঁজুলি আৰু প্ৰযুক্তি। উদাহৰণস্বৰূপে- এম আৰ আই মেচিন, ই চি জি মনিটৰ, ভেন্টিলেটৰ, অস্ত্ৰোপচাৰৰ যন্ত্ৰপাতি, কৃত্ৰিম অংগ আদি  সঁজুলিৰ নাম উল্লেখ কৰিব পাৰি।  ভাৰতত স্বাস্থ্যসেৱাৰ চাহিদা বৃদ্ধি, “মেক ইন ইণ্ডিয়া”অভিযান, কৃত্ৰিম বুদ্ধিমত্তা (এআই) ,  চিকিৎসা প্ৰযুক্তি , ডিজিটেল স্বাস্থ্য ব্যৱস্থাৰ অগ্ৰগতি আদিয়ে এই ক্ষেত্ৰত বহুতো নতুন চাকৰি আৰু উদ্যোগৰ সুযোগৰ সৃষ্টি কৰিছে।

বৰ্তমান চিকিৎসা সঁজুলি খণ্ডত বহুতো আধুনিক আৰু আশাব্যঞ্জক কেৰিয়াৰৰ সুযোগ উপলব্ধ। এই ক্ষেত্ৰত বায়’মেডিকেল ইঞ্জিনীয়াৰসকলে ইমেজিং ব্যৱস্থা, কৃত্ৰিম যন্ত্ৰ আৰু ৰোগ নিৰ্ণয়  সঁজুলিৰ ডিজাইন, বিকাশ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব লয়। চিকিৎসা সঁজুলি ডিজাইন ইঞ্জিনীয়াৰসকলে কেড চফট্’ৱেৰ, ইলেক্ট্ৰনিকছ আৰু যান্ত্ৰিক প্ৰযুক্তি ব্যৱহাৰ কৰি নতুন চিকিৎসা সঁজুলি উদ্ভাৱন আৰু বিকাশ কৰে। ক্লিনিকেল ইঞ্জিনিয়াৰসকলে চিকিৎসালয় বা চিকিৎসা প্ৰতিষ্ঠানত এম আৰ আই, চিটি স্কেন, ভেণ্টিলেটৰ আৰু মনিটৰৰ দৰে চিকিৎসা সঁজুলি স্থাপন, মানাংকন আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব লয়। নিয়ন্ত্ৰণ পৰিক্ৰমা বিশেষজ্ঞই চিকিৎসা সঁজুলিৰ মানদণ্ড আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰী নিয়ম মানি চলাটো নিশ্চিত কৰে, আনহাতে গুণগত নিশ্চয়তা অভিযন্তাসকলে উৎপাদিত যন্ত্ৰৰ মানদণ্ড পৰীক্ষা আৰু নিয়ন্ত্ৰণ কৰে। গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি) বিভাগত ইঞ্জিনীয়াৰসকল আধুনিক প্ৰযুক্তি যেনে -এ আই ভিত্তিক ডায়েগনষ্টিক, ৰবটিক চাৰ্জাৰী ডিভাইচ, স্মাৰ্ট চেন্সৰ আৰু বায়’চেন্সৰৰ বিকাশৰ সৈতে জড়িত। ইয়াৰ উপৰিও চিকিৎসা সঁজুলি বিক্ৰী আৰু প্ৰয়োগ বিশেষজ্ঞসকলে চিকিৎসক, চিকিৎসালয় আৰু ৰোগ নিৰ্ণয়  কেন্দ্ৰসমূহক নতুন ডিভাইচ প্ৰদৰ্শন আৰু কাৰিকৰী সহায় আগবঢ়ায়, আনহাতে চাৰ্ভিচ এণ্ড মেইণ্টেনেন্স ইঞ্জিনীয়াৰসকলে চিকিৎসা সঁজুলিৰ মেৰামতি আৰু নিয়মীয়া ৰক্ষণাবেক্ষণ কৰে। বৰ্তমান ডিজিটেল স্বাস্থ্য আৰু এআই বিশেষজ্ঞসকলেও এই খণ্ডত এআই, ইন্টাৰনেট অৱ থিংছ (আইঅ’টি), ডাটা এনালাইটিক্স আৰু ৱেয়াৰেবল টেকন’লজিৰ সহায়ত স্বাস্থ্যসেৱাৰ নতুন দিশ উন্মোচন কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

উচ্চতৰ মাধ্যমিকৰ পাছত বিজ্ঞান শাখা(পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত/জীৱবিজ্ঞান)ৰ শিক্ষাৰ্থীয়ে চিকিৎসা সঁজুলি আৰু বায়’মেডিকেল প্ৰযুক্তিবিদ্যাৰ  বিভিন্ন পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। যেনে-বায়’মেডিকেল ইঞ্জিনিয়াৰিং , মেডিকেল ইলেক্ট্ৰনিক্স, বায়’টেকন’লজি,  ইলেক্ট্ৰনিক্স এণ্ড ইন্সট্ৰুমেণ্টেচন আদিত বি টেক। তদুপৰি কম সময়ৰ ভিতৰতে কাৰিকৰী জ্ঞান আহৰণ কৰিব বিচৰা শিক্ষাৰ্থীয়সকলে বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। চিকিৎসা বিজ্ঞান আৰু গৱেষণা সম্পৰ্কীয় বিষয়ৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীৰ বাবে বায়’মেডিকেল বিজ্ঞানত বি.এছ.চি. এটা উপযুক্ত পাঠ্যক্ৰম। এই সকলোবোৰ পাঠ্যক্ৰমে শিক্ষাৰ্থীয়সকলক আধুনিক চিকিৎসা প্ৰযুক্তি, চিকিৎসা সঁজুলি ডিজাইন, গৱেষণা,  স্বাস্থ্যসেৱা  আদি খণ্ডত কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰে।  স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে চিকিৎসা সঁজুলি আৰু স্বাস্থ্য প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অধিক বিশেষজ্ঞতা লাভ কৰিবলৈ বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্রম গ্ৰহণ কৰিব পাৰে। বায়’মেডিকেল ইঞ্জিনিয়াৰিং( Biomedical Engineering)  আৰু  মেডিকেল ডিভাইচ টেকন’লজি (Medical Device Technology)ত এম টেক পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে,  য’ত চিকিৎসা সঁজুলিৰ  ডিজাইন, উন্নত প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱনৰ বিষয়ে গভীৰ জ্ঞান প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, মেডিকেল ডিভাইচ (Medical Devices) স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্রমে চিকিৎসা সঁজুলিৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু প্ৰযুক্তিগত দক্ষতা উন্নয়নত সহায় কৰে। স্বাস্থ্যসেৱা খণ্ডৰ ব্যৱস্থাপনা আৰু প্ৰশাসনিক ক্ষেত্ৰত আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে স্বাস্থ্য পৰিচালনা(Healthcare Management)ত এমবিএ এক উৎকৃষ্ট  বিকল্প, য’ত স্বাস্থ্যসেৱা প্ৰতিষ্ঠান পৰিচালনা, স্বাস্থ্য নীতি, বিপণন আৰু চিকিৎসা উদ্যোগৰ ব্যৱস্থাপনা সম্পৰ্কে শিক্ষা দিয়া হয়। এই স্নাতকোত্তৰ পাঠ্যক্রমসমূহে শিক্ষাৰ্থীসকলক গৱেষণা, উদ্যোগ, চিকিৎসালয়, স্বাস্থ্য প্ৰযুক্তি কোম্পানী আৰু বহুজাতিক প্ৰতিষ্ঠানত উচ্চমানৰ কেৰিয়াৰ গঢ়াৰ সুযোগ প্ৰদান কৰে।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘চিকিৎসা সঁজুলি (Medical Devices)’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । অসমৰ নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্চ (নিপাৰ’) গুৱাহাটীত এম.টেক , পি.এইচ.ডি.  আৰু স্নাতকোত্তৰ ডিপ্লমা  পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । এই পাঠ্যক্রমোৰৰ সবিশেষ জানিবৰ বাবে আগ্রহীসকলে  ৱেবছাইট  (https://www.niperguwahati.ac.in)ত চাব পাৰে ।

চিকিৎসা সঁজুলি আৰু স্বাস্থ্য প্ৰযুক্তি খণ্ডত সফল কেৰিয়াৰ গঢ়িবলৈ কিছুমান গুৰুত্বপূৰ্ণ দক্ষতাৰ প্ৰয়োজন। ইয়াৰ ভিতৰত ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেচনৰ দৃঢ় জ্ঞান অতি প্ৰয়োজনীয়, কিয়নো বহুতো চিকিৎসা সঁজুলি এই প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। কেড আৰু প্ৰডাক্ট ডিজাইন দক্ষতাই নতুন চিকিৎসা সঁজুলিৰ ডিজাইন আৰু বিকাশত সহায় কৰে। এআই আৰু ডাটা এনালাইটিক্সৰ জ্ঞানো আজিকালি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে, যাৰ ফলত স্বাস্থ্যৰ তথ্য বিশ্লেষণ আৰু উন্নত চিকিৎসা সিদ্ধান্ত ল’ব পৰা যায়। প্ৰগ্ৰেমিং আৰু এম্বেডেড চিষ্টেম দক্ষতাই স্মাৰ্ট মেডিকেল ডিভাইচ আৰু স্বয়ংক্ৰিয় মেডিকেল ডিভাইচৰ বিকাশত সহায় কৰে। ইয়াৰ উপৰিও সমস্যা সমাধানৰ দক্ষতাই  প্ৰকৃত সমস্যা সমাধানত সহায় কৰে। যোগাযোগ দক্ষতাই চিকিৎসক, অভিযন্তা আৰু দলৰ সদস্যৰ মাজত সমন্বয় বজাই ৰাখে। নতুন প্ৰযুক্তি উদ্ভাৱন আৰু সফল প্ৰকল্প ৰূপায়ণত দলীয় কাম আৰু উদ্ভাৱনৰ মনোভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰত আৰু বিদেশৰ বহু কোম্পানীয়ে চিকিৎসা সঁজুলি আৰু স্বাস্থ্য প্ৰযুক্তি খণ্ডত নিয়োগৰ সুযোগ প্ৰদান কৰে। এই ক্ষেত্ৰত মেডট্রনিক (https://www.medtronic.com),জনচন এণ্ড জনচন মেডটেক (https://www.jnjmedtech.com), ছিমেন্স হেল্থিনিয়াৰ্ছ (https://www.siemens-healthineers.com),জি ই হেলথকেয়াৰ (https://www.gehealthcare.in), ফিলিপচ হেলথকেয়াৰ (https://www.philips.co.in),এবট (https://www.abbott.in),বষ্টন চায়েন্টিফিক (https://www.bostonscientific.com),মেৰিল লাইফ চাইঞ্চছ (https://www.merillife.com) ,
পলি মেডিকিউৰ (https://www.polymedicure.com),ট্ৰেন্সএছিয়া বায়’-মেডিকেলছ লিমিটেড (https://transasia.co.in) ,নুৰেকা লিমিটেড  (https://www.nureca.com),ট্রিভিট্ৰন হেলথকেয়াৰ (https://www.trivitron.com),বিপিএল মেডিকেল টেকন’লজিছ (https://www.bplmedicaltechnologies.com) আদি প্ৰতিষ্ঠানসমূহে ইঞ্জিনিয়াৰ, ৰিছাৰ্চাৰ আৰু টেকনিকেল বিশেষজ্ঞসকলক বিভিন্ন পদত নিযুক্তি দিয়ে। ইয়াৰ উপৰিও ভাৰতত বহু ষ্টাৰ্টআপ কোম্পানী আৰু গৱেষণা পৰীক্ষাগাৰতো নতুন নতুন উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত চাকৰিৰ সুযোগ দিনে দিনে বৃদ্ধি পাইছে, যিয়ে এই খণ্ডক অধিক গতিশীল আৰু সম্ভাৱনাপূৰ্ণ কৰি তুলিছে।

ভাৰতৰ চিকিৎসা সঁজুলি উদ্যোগৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল। স্বাস্থ্যসেৱাৰ আধুনিকীকৰণ, ডিজিটেল চিকিৎসা ব্যৱস্থা, এআই ভিত্তিক ৰোগ নিৰ্ণয় আৰু ঘৰুৱা উৎপাদন বৃদ্ধিয়ে এই ক্ষেত্ৰত বিপুল সম্ভাৱনাৰ সৃষ্টি কৰিছে। অনাগত বছৰবোৰত এই খণ্ডত বহুতো নতুন চাকৰি, উদ্যোগ আৰু গৱেষণাৰ সুযোগ সৃষ্টি হ’ব।

যিসকল শিক্ষাৰ্থীৰ বিজ্ঞান, স্বাস্থ্যসেৱা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোকৰ বাবে চিকিৎসা সঁজুলি খণ্ডটো হৈছে এক উৎকৃষ্ট কেৰিয়াৰ বিকল্প। এই ক্ষেত্ৰত চিকিৎসালয়, গৱেষণা প্ৰতিষ্ঠান, উৎপাদন উদ্যোগ, ষ্টাৰ্টআপ আৰু বহুজাতিক কোম্পানীত সফল পেছাদাৰী হোৱাৰ সুযোগ আছে।

বি.দ্র.: কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।