ঘুৰ্ণিবতাহ ‘জাৱাদ’ক লৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি

Pc India today

ঘুৰ্ণিবতাহ ‘জাৱাদ’ক লৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা-  আহি আছে সামুদ্ৰিক ঘুৰ্ণিবতাহ জাৱাদ।ঘুৰ্ণিবতাহ জাৱাদে ৪ ডিচেম্বৰৰ পুৱা অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে।ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ঘুৰ্ণিবতাহ জাৱাদক লৈ সতৰ্কতা জাৰি কৰিছে।সামুদ্ৰিক ঘুৰ্ণি বতাহ জাৱাদক লৈ ওড়িশা চৰকাৰ আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰেও সতৰ্কতামূলক ব্যাৱস্থা গ্ৰহণ কৰিছে।দুয়োখন ৰাজ্যৰ চৰকাৰে মাছমৰীয়া সকলৰ লগতে সাধাৰণ লোক সকলকো সাগৰৰ ওচৰলৈ নাযাবলৈ অনুৰোধ জনাই দুৰ্যোগ প্ৰশমন বিভাগক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে।এই সময়ছোৱাৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলৰ সাগৰ পৃষ্ঠত প্ৰবল ঢৌৰ সৃষ্টি হ’ব পাৰে।সামুদ্ৰিক ঘুৰ্ণিবতাহ জাৱাদৰ প্ৰভাৱৰ বাবেই অন্ধ্ৰপ্ৰদেশৰ উত্তৰ উপকূলীয় অঞ্চল আৰু ওড়িশাৰ দক্ষিণ উপকূলীয় অঞ্চলত ৩ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা প্ৰবল বৰষুণ হ’ব।