গ্ৰন্থমেলা গাঁও অঞ্চলটো  অনুষ্ঠিত হওক-মুন শৰ্মা

 গ্ৰন্থমেলা গাঁও অঞ্চলটো  অনুষ্ঠিত হওক
  দেখা গৈছে,অসমত আজি কিছু বছৰৰ পৰা অধিক মাত্ৰাত গ্ৰন্থমেলা  আয়োজন কৰি অহা হৈছে। যিটো আমাৰ জাতি, ভাষা সমাজ বিশেষ কৈ নৱ প্ৰজন্মৰ বাবে এটা বৰ ভাল লক্ষণ। কিয়নো  বৰ্তমান সময়ত বিভিন্ন কাৰকৰ হেঁচাত  পৰি নৱ প্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি আগ্ৰহ কমি যোৱা  যি অৱস্থা  দেখিব পোৱা গৈছে  সেয়া ভৱিষ্যতে  কিছু পৰিমাণে হলেও  ই ঘূৰাই আনিব পাৰিব বুলি মনে ধৰে।সেয়ে  ইয়াৰ দ্বাৰা গ্ৰন্থ মেলাৰ আয়োজক সকলক জনাও যে  ইয়াক  অকল চহৰ অঞ্চলত পাতাতে সীমাবদ্ধ নাৰাখি  অসমৰ দূৰ  দুৰণি ভিতৰুৱা গাঁও অঞ্চল সমূহতো সৰু কৈ হলেও পতাৰ ব্যৱস্থা কৰিব লাগে।কাৰণ অসম এখন গাঁও প্ৰধান  ৰাজ্য যত গাঁৱত বাস কৰা লোক অধিক হোৱাৰ বাবে নৱ প্ৰজন্মৰ অধিক সংখ্যা গাঁওৰ অঞ্চলত বাস কৰে যাৰ অধিক খিনি  যুৱক যুৱতীয়ে যদিও গ্ৰন্থমেলাৰ খবৰ  ৰাখে কিন্তু বিভিন্ন কাৰণত ইয়াৰ পৰা দূৰত থাকিব বাধ্য হয়। ফলত ইয়াত কিতাপ প্ৰেমিক সকলৰো সুবিধা হ’ব আৰু অসমত লাহে লাহে বিভিন্ন  ধৰণে শিপাই এক কিতাপ পঢ়াৰ মানসিকতাৰ   গঢ়ি  উঠিব বুলিব মোৰ বিশ্বাস।
      মুন শৰ্মা,লখিমপুৰ