গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বৰজানত অ ‘এন জি চিৰ চাৰ্ভে কেম্প পুনৰ উত্তপ্ত

গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বৰজানত অ ‘এন জি চিৰ চাৰ্ভে কেম্প পুনৰ উত্তপ্ত

মৃগাংক বৰুৱাৰ, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বৰজানত অ ‘এন জি চিৰ চাৰ্ভে কেম্প পুনৰ উত্তপ্ত হৈ পৰে ।অ এন জি চি কৰ্তৃপক্ষৰ বিৰুদ্ধে স্বৰাজ নিৰ্মাণ গোটৰ উদ্যোগত শতাধিক স্থানীয় পুৰুষ-মহিলা ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে আজি অ এন জি চি কৰ্তৃপক্ষই স্বৰাজ নিৰ্মাণ গোটৰ লগত আলোচনা মিলিত হোৱাৰ কথা আছিল।কিন্তু শতাধিক ৰাইজৰ উপস্থিতি কথা উমান অ এন জি চি কৰ্তৃপক্ষ গোলাঘাটৰ পৰা উভতি যায়।যাৰ ফলত স্থানীয় ৰাইজ সৰৱ হৈ পৰে।ইফালে অ ‘ এন জি চি কৰ্তৃপক্ষই শ্ৰমিক আৰু অ এন জি চি কৰ্তৃপক্ষই বিভিন্ন নথি পত্ৰ বিচাৰি ফলক আঁৰি দিয়া পৰিলক্ষিত হৈছে।সেয়ে স্থানীয় যুৱক বা শ্ৰমিক সকলক কোনো ধৰণৰ নথি পত্ৰ জমা নিদিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ আৰু স্বৰাজ নিৰ্মাণ গোটে।ইফালে অ এন জি চি কৰ্তৃপক্ষই যদিহে স্বৰাজ নিৰ্মাণ গোটৰ লগত অতি শীঘ্ৰে আলোচনাত নহবে তেতিয়া অনাগত দিনত অগ্নিগৰ্ভা সদৃশ পৰিস্থিতিৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে।