গুৱাহাটী প্ৰেছ ক্লাবত এক যৌথ সংবাদ মেল সম্বোধন

গুৱাহাটী প্ৰেছ ক্লাবত এক যৌথ সংবাদ মেল সম্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল সম্বোধন কৰি অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্রী হেমন্ত ধিং মজুমদাৰে জনায় যে ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমে  আগন্তক ১৩ চ’৩, ১৯৪৫ শক (২৮ মার্চ, ২০২৩)ৰ দিনটো, যিদিনা মহাৰাজ পৃথুৱে খিলজীৰ সৈন্যক নির্ণায়কভাৱে পৰাস্ত কৰি কানাই বৰশী বোৱা শিলত বিজয় বার্তা লিপিবদ্ধ কৰিছিল, সেই দিনটো খিলজী বিজয় দিৱস হিচাপে উদযাপনৰ বাবে বিশদ পৰিকল্পনা কৰিছে। “নালন্দা আৰু গুদন্তপুৰীৰ ধ্বংসকাৰীক পৰাস্ত কৰা মহাৰাজ পৃথুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা ভাৰতৰ প্ৰতিজন সন্তানক ক’ব লাগিব আৰু বাৰে বাৰে ক’ব লাগিব”, তেখেতে কয়। এই উপলক্ষে আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসমত “মহাৰাজ পৃথু: বখতিয়াৰ খিলজীক নিঃশেষ কৰা যোদ্ধা ৰজা” বিষয়ক এক ৰাষ্ট্ৰীয় আলোচনা চক্র অনুষ্ঠিত হ’ব। “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম”, “কামৰূপ অনুসন্ধান সমিতি” আৰু “অসম জনকৃষ্টি সমাজ”ৰ সহযোগত এই আলোচনা চক্র অনুষ্ঠিত হ’ব। আজিৰ সংবাদ মেলত এই সংস্থা আৰু সংগঠনসমূহৰ প্ৰতিনিধিও উপস্থিত থাকে।