গুৱাহাটীৰ বোন্দাত চপায়ডংত ভয়ংকৰ গুলী চালনাৰ ঘটনা

Pc- News Network Private limited

গুৱাহাটীৰ বোন্দাত চপায়ডংত ভয়ংকৰ গুলী চালনাৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ঋণৰ বাবে আৱশ্যক হোৱা নথি আনিবলৈ যোৱা বাজাজ ফাইনেঞ্চৰ বিষয়াক লক্ষ্য কৰি ঠিকাদাৰৰ গুলী চালনাৰ লগতে গুৰুলা গুৰুলকৈ প্ৰহাৰ । বোন্দাৰ চপায়ডংৰ বাসিন্দা তথা ঠিকাদাৰ অভিমন্য দাসে বাজাজ ফাইনেঞ্চত শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ক্ৰয় কৰিবলৈ ঋণৰ বাবে আবেদন কৰিছিল।ঋণৰ বাবে আবেদন কৰিও ঠিকাদাৰ জনে পৰ্যাপ্ত পৰিমাণৰ নথি জমা নিদিয়াৰ বাবে বাজাজ ফাইনেঞ্চৰ ঋণ মঞ্জুৰ হোৱা নাছিল। ঋণৰ নথি পত্ৰ আনিবলৈ আজি ঠিকাদাৰজনে বোন্দাৰ চপায়ডংৰ ঘৰলৈ বাজাজ ফাইনেঞ্চৰ বিষয়া কৰ্মচাৰীক মাতি পঠিয়াই। বাজাজ ফাইনেঞ্চৰ বিষয়া অভিষেশ সুমনৰ নেতৃত্বত ৪ জনীয়া দল ঠিকাদাৰ জনৰ ঘৰত উপস্থিত হয়। ঘৰত উপস্থিত হোৱাৰ লগে লগে ঠিকাদাৰ অভিমন্য দাসে কিয় ঋণ দিয়া নাই বুলি কৈ অভিষেশ সুমনক প্ৰহাৰ কৰে।প্ৰহাৰত ক্ষান্ত নাথাকি ঠিকাদাৰ জনে অভিষেশ সুমনক লক্ষ্য কৰি পিষ্টলেৰে গুলী চালনা কৰে।অৱশ্যে অভিষেশ সুমনৰ প্ৰাণ দৈবাক্ৰমে ৰক্ষা পৰে।গুৰুতৰ ভাবে আঁহত অভিষেশ সুমনে ঘটনা সন্দৰ্ভত পানীখাইটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বোন্দাৰ চপায়ডংৰ ঘৰত অভিযান চলায় যদিও ঠিকাদাৰ জনে পলায়ন কৰে। অৱশ্যে ঠিকাদাৰ জনৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা এয়াৰ গান আৰু আপত্তিজনক নথি পত্ৰ জব্দ কৰে। পলাতক ঠিকাদাৰ জনক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে।