গুণোৎসৱত ৰঙা ফিটা – সত্যজিৎ গগৈ

গুণোৎসৱত ৰঙা ফিটা

সত্যজিৎ গগৈ

বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰে বিদ্যালয় সমূহৰ গুণ উৎসৱ অনুষ্ঠিত কৰিছে।বিদ্যালয় সমূহেও খৰখেদাকৈ যি যেনেকৈ পাৰি এদিনৰ বাবে সাঁজু কৰিছে।যেনে ধৰক;বিদ্যালয়খন ৰঙীন কৰিছে।ছাত্ৰ-ছাত্ৰী সকলক প্ৰাৰ্থনা শিকাইছে।পঢ়িবলৈ শিকাইছে।গুণোৎসৱ বুলি প্ৰাতঃসভাত এদিনৰ বাবে গীত এটি গাবলৈও বা অভিনয় কৰি দেখাবলৈও ছাত্ৰ-ছাত্ৰী সকলক শিকাইছে।অসম আৰু ভাৰতৰ মন্ত্ৰী সকলৰ নাম মনত ৰাখিবলৈ শিকাইছে।বিদ্যালয়ৰ বিভিন্ন শিতানৰ ফাইল সমূহ আপদেট্ কৰিছে।বহু দিনলৈকে যদি পৰিচালনা সমিতিৰ সভা পতা নাই,তেন্তে সেয়াও খৰধৰকৈ পাতিছে।বছৰত এবাৰো বিদ্যালয়ৰ মুখ নেদেখা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক এদিনৰ বাবে ভাড়া দি হলেও বিদ্যালয়লৈ মাতি অনা হৈছে।মধ্যাহ্ণ ভোজনৰ কৰ্মী সকলৰ বাবে ৰান্ধনীৰ পোছাক চিলাইছে।বিদ্যালয় সমূহৰ প্ৰাচীৰ পত্ৰিকা এৰাতিৰ ভিতৰতে বনাইছে।মুঠৰ ওপৰত গুণ উৎসৱৰ বাবে এক মাহৰ ভিতৰতেই বিদ্যালয় সমূহে চৰকাৰক চমক দিবলৈ সাঁজু হৈ উঠিছে।কিয়নো বহী মূল্যায়ক গৰাকীয়ে কি বিচাৰিব।তাৰ কোনো ঠিক নাই।যিহেতু চৰকাৰৰ চকুত ধুলি মাৰি হ’লেও বিদ্যালয় সমূহে A+ লাভ কৰিবই লাগিব।নিৰ্দিষ্ট দিনটোত বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া সকলে প্ৰশিক্ষণ লৈ পুৱাতে বিদ্যালয় সমূহলৈ আহে।উৎসৱ বুলিয়েই সকলো বিদ্যালয়ে পদুলিতে কলপুলি ৰুই ফুলৰ মালা গাঁঠি বহী মূল্যায়ক গৰাকীক আদৰিবলৈ ৰৈ থাকে।সেইখিনিলৈকে সকলো ঠিকেই আছে।মন কৰিবলগীয়া কথাটো হ’ল যে বহু বিদ্যালয়ে পদুলিতে ৰঙা ফিটা এডাল বান্ধি বিদ্যালয়খনৰ দুৱাৰ মুকলি কৰিবলৈ হে ৰৈ থকা যেন দেখা যায়।বহী মূল্যায়ক গৰাকীয়েও ট্ৰেত ধুনীয়াকৈ সঁজাই থোৱা কেচি খনেৰে ৰঙা ফিটা ডাল কাটি বিদ্যালয়ত প্ৰৱেশ কৰে।কিন্তু কিয় ৰঙা ফিটা বান্ধে আৰু মূল্যায়ক গৰাকীয়ে কিয় ৰঙা ফিটা কাটি বিদ্যালয়ত প্ৰৱেশ কৰে?আমি জানো যে কোনো আধাৰশিলা,চৰকাৰী গৃহ,সংঘৰ গৃহ,কাৰ্যালয়,নতুনকৈ খুলিবলৈ লোৱা যিকোনো দোকান বা ব্যৱসায়,প্ৰাচীৰ পত্ৰিকা আদি উন্মোচন বা উদ্বোধন কৰিবলৈহে ৰঙা ফিটা বান্ধি ৰখা হ’য়।বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পৰিবৰ্তে বিশেষভাৱে নিমন্ত্ৰিত গায়ন-বায়নেৰে মূল্যায়ক গৰাকীক পদুলিৰ পৰা আদৰি নিয়াও দেখা যায়।এতিয়া আহিলো ভিতৰৰ পৰ্যায়লৈ।মূল্যায়কে প্ৰশ্ন আৰু উত্তৰ বহী সমূহ অভিভাৱক সকলৰ উপস্থিতিত খুলাৰ পিচত শিক্ষাগুৰু সকলে নিজ নিজ শ্ৰেণীত বিতৰণ কৰে।ছাত্ৰ-ছাত্ৰী সকলেও নতুনকৈ দেখা প্ৰশ্নকাকতখন লৈ ইফাল-সিফাল কৰি চাই।বহু মূল্যায়কে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী সকলক পাঠ পঢ়ুৱাই নম্বৰ দিয়ে।পঞ্চম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলেই উত্তৰ বহীত কলা বা নীলা চিঞাহীৰে গোল কৰে।কেৱল প্ৰথম শ্ৰেণীৰ উত্তৰ বহীখিনি ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নসমূহত দিয়া শুদ্ধ চিন অনুযায়ী শিক্ষাগুৰু সকলে গোল কৰে।তাৰ মাজতে উপস্থিত থকা অভিভাৱক আৰু পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলৰ লগত মত বিনিময় কৰে।এতিয়া কথাটো হ’ল যে বহু মূল্যায়কে শ্ৰেণীত সোমোৱাটো দূৰৰে কথা।ছাত্ৰ-ছাত্ৰীৰ পঠনো নলয়।অভিভাৱক সকলৰ লগতো মত বিনিময় নকৰে।তাৰ বিপৰীতে সকলো ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহী শিক্ষাগুৰু সকলেই ১০০ % শুদ্ধ কৰি গোল কৰে।এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰকৃত মূল্যায়ন হ’লনে? বহী মূল্যায়ক সকলেও কিয় বিদ্যালয় সমূহৰ গুণমান নিৰ্নয়ৰ ক্ষেত্ৰত সৱল ভূমিকা গ্ৰহণ নকৰে?এনে হ’লে চৰকাৰে গুণোৎসৱৰ নামত কোটি কোটি টকা খৰচ কৰাৰ কোনো অৰ্থ নাথাকিব।