গছৰ পৰা কফি ফল সংগ্ৰহ কৰি  কফি বনাই খোৱালৈ সম্পূর্ণ প্ৰক্ৰিয়া – নাচিমা য়াচমিন

গছৰ পৰা কফি ফল সংগ্ৰহ কৰি  কফি বনাই খোৱালৈ সম্পূর্ণ প্ৰক্ৰিয়া

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

বৰ্তমান সময়ত কফি গোটেই বিশ্বজুৰি আটাইতকৈ জনপ্ৰিয় পানীয়বোৰৰ ভিতৰত এবিধ। কফি প্ৰস্তুত হোৱাৰ পিছত যেনে সুগন্ধি আৰু সোৱাদযুক্ত হৈ উঠে, তাৰ পিছত থকা প্ৰক্ৰিয়াটো কিন্তু যথেষ্ট জটিল আৰু শ্রমসাধ্য। গছৰ পৰা কফি গুটি সংগ্ৰহ কৰি কফি খোৱাৰ উপযুক্ত কৰাৰ ধাপসমূহ তলত প্ৰদত্ত হৈছে—

১. কফি গুটি সংগ্ৰহ (Harvesting): কফি গছ প্ৰায় ৩-৪ বছৰৰ পিছত পূৰ্ণবয়স্ক হয় আৰু ফল দিবলৈ আৰম্ভ কৰে। সাধাৰণতে কফি ফল পকা অৱস্থাত ৰঙা মঙহৰ দৰে দেখিবলৈ হয়। কফি ফলবোৰ তুলি আনা দুটা উপায়েৰে হ’ল –
ক) হাতৰ সহায়ত সংগ্ৰহ: এই পদ্ধতিৰ জৰিয়তে মাত্ৰ পকা ফলবোৰহে সংগ্ৰহ কৰা হয়। এই পদ্ধতি যথেষ্ট কষ্টসাধ্য কিন্তু উচ্চ গুণগত মানৰ কফি প্ৰস্তুত কৰে।
খ) মেচিনেৰে সংগ্ৰহ: বৃহৎ বাগিচাত মেচিনৰ সহায়ত সকলো ফল একেলগে সংগ্ৰহ কৰা হয়।
২. ফলৰ মঙহ আঁতৰোৱা (Pulping): কফি ফলৰ মঙহত এক প্ৰাকৃতিক ৰস থাকে, যাৰ বাবে সঠিক প্ৰক্ৰিয়াৰ জৰিয়তে গুটিবোৰক মঙহৰ পৰা পৃথক কৰিব লাগে। pulping মেচিনৰ সহায়ত এই প্ৰক্ৰিয়াটো সম্পন্ন হয়। এই সময়ত ফলৰ বাহিৰৰ আৱৰণ আঁতৰাই কফি গুটি ওলোৱা হয়।
৩. গুটি ধোৱা (Washing): মঙহ আঁতৰোৱাৰ পিছত কফি গুটিবোৰ ভালদৰে ধোৱা হয়। পানীৰ সহায়ত গুটিবোৰৰ ওপৰত থকা চেঁচা আৱৰণ (mucilage) সম্পূৰ্ণভাৱে আঁতৰাই পৰিষ্কাৰ কৰা হয়। এই ধাপত পৰিস্কাৰ হোৱা কফি গুটি “wet processed” কফি বুলি জনা যায়।
৪. গুটি শুকোৱাটো (Drying): গুটিবোৰ ধোৱাৰ পিছত সঠিকভাৱে শুকুৱাব লাগে যাতে ইয়াৰ ভেজা পৰিমাণ প্ৰায় ১১-১২% হ’য়। সাধাৰণতঃ দুটা উপায়েৰে শুকোৱাটো সম্পন্ন কৰা হয়—
ক) প্ৰাকৃতিকভাৱে শুকোৱা: কফি গুটি খৰিকাপত পাতি সুৰ্যৰ পোহৰত  শুকুৱাই লোৱা হয়।
খ) মেচিনেৰে শুকোৱা : মেচিনৰ সহায়ত নিয়ন্ত্রিত তাপত শুকুৱা হয়।
৫. চেলিং বা হুলিঙ (Hulling): শুকোৱা গুটিবোৰৰ ওপৰৰ খোলা বা parchment আঁতৰাই পেলোৱা হয়। এই ধাপক “হুলিঙ” বুলি কোৱা হয়।
৬. শ্ৰেণীবিভাজন আৰু পৰীক্ষা (Sorting and Grading): এই পৰ্যায়ত কফি গুটিবোৰৰ আকাৰ, ওজন, আৰু গুণগত মান অনুসৰি বাছনি কৰা হয়। উচ্চ মানৰ কফি গুটি শ্ৰেণীবদ্ধ কৰি বজাৰত নিয়া হয়।
৭. কফি গুটি ভজা (Roasting): এই ধাপতেই কফিৰ প্ৰকৃত স্বাদ আৰু সুগন্ধি বিকশিত হয়। সাধাৰণতে ১৮০° C পৰা ২৫০° C তাপমাত্ৰাত ১০-১৫ মিনিট ধৰি কফি গুটি ভজা হয়। ভজাৰ স্তৰ মৃদু, মধ্যম আৰু তীব্ৰ ভজা হিচাপে ভিন্ন হয়। ভজাৰ সময়ত গুটিবোৰৰ পৰা এক বিশেষ গোন্ধ (crack) উৎপন্ন হয়।
৮. গুটি গৰ্ধ (Grinding):  ভজা কফি গুটিবোৰক সৰু মাকুৰিৰ দৰে গৰ্ধ কৰি লোৱা হয়। কফি গৰ্ধ কৰাৰ পৰিমাণ কফি প্ৰস্তুত কৰাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। Espresso কফিৰ বাবে সৰু গৰ্ধৰ প্ৰয়োজন হয়, আৰু ফিল্টাৰ কফিৰ বাবে মাচলিৰ দৰে গৰ্ধ কৰাটো উপযুক্ত।
৯. কফি প্ৰস্তুতকৰণ (Brewing): এই ধাপত গৰ্ধ কৰা কফি পাউদাৰক গৰম পানীৰ লগত মিশ্ৰণ কৰি লোৱা হয়। ফিল্টাৰ মেচিন, ফ্ৰেঞ্চ প্ৰেছ বা Espresso মেচিনৰ সহায়ত কফি প্ৰস্তুত কৰা হয়।
১০. উপভোগ (Serving): প্ৰস্তুত হোৱা কফিক এখন কাপত ঢালি গৰমে গৰমে পৰিবেশন কৰা হয়। আপোনাৰ পছন্দ অনুসৰি দুধ, চেনি বা ফ্লেভাৰ যোগ কৰি কফিক সোৱাদৱন্ত কৰি তুলিব পাৰি।
গছৰ পৰা কফি গুটি তুলি অনাৰ পৰা কফি খোৱা  অৱস্থালৈ অনা পৰ্যন্ত, ই এক জটিল আৰু কষ্টসাধ্য প্ৰক্ৰিয়া। এই ধাপবোৰৰ সঠিক নিৰীক্ষণ আৰু প্ৰয়োগৰ ফলতেই প্ৰাপ্ত হয় এক উৎকৃষ্ট মানৰ সুস্বাদু কফি।