ক’ৰ’নাৰে যুঁজখন….  কবিতা শৰ্মা, গুৱাহাটী

Pc-pentalog

ক’ৰ’নাৰে যুঁজখন…. #

কোভিড ১৯ৰ দ্বিতীয়টো ঢৌত সমগ্ৰ দেশ বিধ্বস্ত হৈ পৰা ভয়াবহ পৰিস্থিতিৰ সময়তে আমাৰ ঘৰখনলৈও নামি আহিল চুড়ান্ত দুৰ্যোগ ৷ ব’হাগ বিহুৰ সময়ৰ পৰাই মোৰ স্বামীৰ গা বেয়া হৈ আছিল ৷
শৰীৰত দেখা দিছিল নানান টা উপসৰ্গই ৷ চিকিৎসকৰ লগতে আনুষঙ্গিক পৰীক্ষা সমূহৰ বাবে লেব’ৰেটৰীলৈ যোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল ৷ ১৭ এপ্ৰিলৰ পৰা জ্বৰৰ লগতে মূৰৰ বিষ হৈ আছিল ৷ কফৰ সমস্যাও আছিল ৷ জ্বৰ বেছিকৈ উঠা নাছিল যদিও ১৯ এপ্ৰিলৰ দিনা নিকটবৰ্ত্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ গলোঁ ৷ ‘ৰেপিড্ এন্টিজেন্ট টেষ্ট ’ তে কোভিড সংক্ৰমণ ধৰা পৰিল ৷ যদিও ইতিমধ্যে দুয়োৰে ভেকচিনৰ প্ৰথম পালি লোৱা হৈছিল ৷ বৰ্তমান পৰিস্থিতি এনে হৈ পৰিছে যে কাৰোবাৰ কোভিড পজিটিভ বুলি জানিলে উচপ খাই উঠো ৷ নিজৰ মানুহ জনৰ সংক্ৰমণ ধৰা পৰাত মনৰ অৱস্থা কেনে হব পাৰে সেয়া সহজেই অনুমেয় ৷ কেই মুহুৰ্তমানৰ বাবে যেন বিমূঢ় হৈ পৰিলোঁ ৷ ফ্লেটটোত দুয়ো সম্পূৰ্ণ অকলশৰে বাস কৰো ৷ সন্তানো থাকে দূৰৈত ৷ যি নহওঁক কিছু সময় পিছত নিজকে বহু পৰিমাণে আশ্বস্ত কৰিলোঁ ৷ মোৰ শৰীৰত কোনো লক্ষণ নাছিল যদিও টেষ্ট কৰিলোঁ ৷ ৰিজাল্ট নিগেটিভ ৷স্বাস্থ্যকৰ্মী সকলে আমাক “হোম আইছ’লেচন” (গৃহ পৃথকীকৰণ ) ৰ পৰামৰ্শ দিলে ৷ স্বাস্থ্যকেন্দ্ৰত সকলো নিয়ম সম্পূৰ্ণ কৰি তেওঁলোকৰ পৰামৰ্শ মতে গাড়ীৰ পাছৰ আসনত বহি ঘৰলৈ উভতিলো ৷ বাটৰ কাষৰে দোকান এখনৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী অলপ লৈ ঘৰ পালোঁ ৷
মহামাৰী উদ্ভুত দুখজনক খবৰবোৰে প্ৰতিনিয়ত শংকিত কৰিছিল যদিও যুঁজখনত অবতীৰ্ণ হোৱাৰ আগতেই হতাশ হৈ পৰাটো জানো উচিত হব ? নিঃসন্দেহে এই সময় প্ৰত্যাহ্বানৰ সময় আৰু আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবই লাগিব ৷ এই কথা ভাবিয়েই ইতিমধ্যে মই ক’ৰ’নাৰ সৈতে যুঁজখনৰ বাবে নিজকে প্ৰস্তুত কৰিছিলোঁ ৷ ফ্লেটটোত যিহেতুকে বাথৰুম সংলগ্ন সম্পূৰ্ণ আছুতীয়া কোঠাৰ সুবিধা আছিল , দৈনন্দিন ব্যৱহাৰ্য্য সকলো বস্তুৰ যোগাৰ দি মানুহজনক আছুতীয়াকৈ থকাৰ সকলো ব্যৱস্থা কৰি দিলোঁ ৷
ইতিমধ্যে খবৰ পাই দিল্লীত থকা লৰাছোৱালী দুয়ো আহিবলৈ যা-যোগাৰ কৰিছিল যদিও পৰিস্থিতিৰ ভয়াবহতালৈ চাই ভ্ৰমণ কোনোপধ্যেই নিৰাপদ নহব বুলি সিহঁতক অহাত বাধা দিলোঁ ৷ স্বাস্থ্যকেন্দ্ৰৰ পৰা কোভিড সংক্ৰমণৰ জাননী দি সকলোকে অবগত কৰাব লাগিছিল যদিও তেওঁলোকে তেনে নকৰাত সকলোকে ফোনযোগে নিজেই জনাব লগীয়া হ’ল ৷ আত্মীয় এজনৰ সহায়ত অক্সিমিটাৰ , গ্লোবচ্ ,প্ৰয়োজনীয় ঔষধ ৰ যোগাৰ কৰিলোঁ ৷ সৌভাগ্যক্ৰমে এটা অক্সিজেন চিলিণ্ডাৰৰো যোগাৰ হ’ল ৷ বিছনা খনৰ কাষত প্ৰয়োজনত লব পৰাকৈ অক্সিজেন চিলিণ্ডাৰটো ৰাখিলোঁ ৷ পৰিয়ালৰ কেইগৰাকীমান ৰোগীৰ লগত হোৱা অভিজ্ঞতা এই ক্ষেত্ৰত বহুত সহায় হৈছিল ৷
ইয়াৰ পাছতে আৰম্ভ হৈছিল পৃথকে পৃথকে আমাৰ দুয়োৰে সংঘৰ্ষ ৷ সকলোৰে পৰা বিচ্ছিন্ন… অস্বাভাবিক পৰিবেশ… অস্বাভাৱিক জীৱন… অকলশৰীয়া সময়… ৷ কিন্তু তথাপিও মনৰ শক্তি অটুত ৰখাৰ চেষ্টা এৰি দিয়া নাছিলোঁ ৷ আজি প্ৰায় ডেৰ বছৰ ধৰি বিভিন্ন সামাজিক মাধ্যমৰ জড়িয়তে লাভ কৰা কোভিড বিধিৰ জ্ঞানেৰে মগজু ঠাহ খাই পৰি মগজুত যেন এক বেমেজালিৰহে সৃষ্টি কৰিছিল ৷ সেই সকলোবোৰ মগজুৰ পৰা উলিযাই দি কোভিড বিধিৰ প্ৰয়োজনীয় নিয়মখিনি মনত জুকিয়াই ললোঁ ৷ লগতে ইমিউনিটি (প্ৰতিৰোধ ক্ষমতা) বঢ়াব পৰা খাদ্য তালিকা — (পৰ্যাপ্ত পৰিমাণে পাচলি , ফলমূল , গাখীৰ কণী ,জালুক-আদা দি প্ৰস্তুত কৰা ফিকা চাহ ,পাচলিৰ চুপ ) ৷ তাৰোপৰি দিনটোত কমেও ছাৰি – পাচবাৰকৈ গৰম পানীৰ ভাপ লোৱা গাৰ্গল কৰা ইত্যাদি ৷ কোঠাৰ দৰজা খুলি বস্তুবোৰ দিবৰ সময়ত দুয়ো মুখত মাস্ক পৰিধান কৰা , বাচন ধুবৰ সময়ত গ্লোবচ্ পিন্ধা , সঘনাই হাতধোৱা , চেনিটাইজ কৰা , ৰাতি সকলো কাম কৰি উঠি গাধুইহে শুবলৈ যোৱা আদি অপৰিহাৰ্য ভাবে কৰিছিলোঁ ৷ এই সময়ছোৱাত আটাইতকৈ অসুবিধা পোৱা কামটো আছিল — দিনটো গোটখোৱা আবৰ্জনা বোৰ পেলাবলৈ যোৱাটো ৷ বহুত ৰাতিকৈ , সকলো মানুহ ঘৰ সোমোৱাৰ পাছত মাস্ক – গ্লোবচ্ পৰিধান কৰিও সংক্ৰমণৰ আশংকাত লিফট্ ব্যৱহাৰ নকৰি খোজকাঢ়িয়েই গৈছিলোঁ ৷ তৃতীয় মহলাৰ পৰা ভাগৰুৱা দেহাৰে প্ৰায় অন্ধকাৰ চিৰিৰে উঠানমা কৰা সময়ত কি যে এক গা চমচমাই যোৱা অনুভূতিয়ে মোক আচ্ছন্ন কৰি পেলাইছিল সেয়া হয়তো এতিয়া মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ ৷
কোৱাৰেন্টাইনৰ এই সময় ছোৱাত বাহিৰৰ কোঠা কেইটাত মই নানা কামত ব্যস্ত হৈ থকাৰ সময়ত আছুতীয়া কোঠাটোত সময় কটোৱা মানুহ জন আছিল প্ৰকৃত যুঁজাৰু ৷ মনোবল আছিল অটুত ৷ নিয়মীয়াকৈ শৰীৰৰ উঞ্চতা ,অক্সিজেনৰ পৰিমাণ পৰীক্ষা কৰা ,খোৱাবোৱা ভালদৰে কৰা , গৰম পানীৰ ভাপ লোৱা ,গাৰ্গল কৰা একোৰে কোনো ক্ৰুতি নাছিল ৷ আনকি উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ সময়ত নিজেই অক্সিজেন লবলৈকো সক্ষম হৈছিল ৷ বন্ধু – বান্ধবী , আত্মীয় সকলৰ লগত ফোনযোগে কথা- বাৰ্তা পতা , ম’বাইলত ভিদিও চোৱা , গান শুনা আদিও অব্যাহত ৰাখিছিল ৷ সেই সময় ছোৱাতে ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ সময়ত মই যেতিয়া উপায়ন্তৰ (কাৰণ সেই সময়ত আমি আছিলো মানববোমা সদৃশ ) হৈ পৰিছিলো , এওঁ সকলো পাহৰি কোঠাৰ পৰা দৌৰি ওলাই আহিছিল ৷ শংকা আৰু মৃত্যু বিভীষিকাৰ মাজতো জীৱন যে অনুপম , সেই কথা আকৌ এবাৰ অনুভৱ কৰি মোৰ মনটো ভাল লাগি গৈছিল ৷ প্ৰকৃততে জীৱনৰ প্ৰতি থকা এই মমতাই আমাক সকলোকে সোনকালে সুস্থ হৈ উঠাত সহায় কৰে ৷
এই কথা অনস্বীকাৰ্য যে সামাজিক বিচ্ছিন্নতাৰ সেইদিনবোৰ পাৰ কৰা ইমান সহজ নাছিল ৷ কিন্তু আত্মীয় -স্বজন , বন্ধু – বান্ধবী , ওচৰ চুবুৰীয়া , এই সকলোৰে সহায় – সহযোগিতাত দিনবোৰ যেন বহুপৰিমাণে স্বচ্ছন্দ হৈ পৰিছিল ৷ সকলোৱে ফোনযোগে নিয়মিয়াকৈ আমাৰ খবৰ লৈছিল , অসুবিধা নহবলৈ বহুজনে লাগতিয়াল বস্তুৰ যোগাৰো ধৰিছিল ৷ তেওঁলোকৰ এই সহায় সহানুভূতিয়ে মনৰ দৃঢ়তা বঢ়োৱাত যথেষ্ট সহায় হৈছিল ৷ সেই জটিল সময়ত সাহস যোগোৱা সেই সকলো ব্যক্তিলৈ আমি চিৰ কৃতজ্ঞ ৷
দুইসপ্তাহৰ পাছত কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাত আমি স্বাস্থ্যকেন্দ্ৰলৈ গৈ পুনৰবাৰ কোভিড টেষ্ট কৰিলোঁ ৷ ৰিজাল্ট নিগেটিভ ৷ কিছু সকাহ পালোঁ যদিও সম্পূৰ্ণ বিপদমুক্ত হব পৰা নাই ৷ কোভিডোত্তৰ সময়ৰ দুৰ্বলতা এতিয়াও আছে ৷ সম্পূৰ্ণ সুস্থ হবলৈ হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হব ৷ সেই সময়লৈ আশাৰে বাট চাই আছোঁ ৷বন্ধু – বান্ধবী সকল — সমাজৰ পৰা বিচ্ছিন্ন হৈ মানুহ কিমান নিঃসঙ্গ , কিমান অকলশৰীয়া , এখন ৰুগ্ন পৃথিৱীত জীয়াই থকাটো কিমান যন্ত্ৰণাদায়ক এই কথা আজি আমি সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ ৷ জীৱন -মৃত্যু , নিশ্চয়তা- অনিশ্চয়তাৰ মাজৰ এই যুঁজখনৰ মাজত পৃথিৱীবাসীয়ে আজি মহা শংকাত দিন কটাইছে ৷ কিন্তু তথাপিও আমি বিশ্বাস কৰোঁ যে এই সীমাবদ্ধতা , এই অনিশ্চয়তা এদিন আমি অতিক্ৰম কৰিমেই ৷ ইতিহাস সাক্ষী — যিকোনো বিপৰ্যয় অতিক্ৰম কৰাৰ সাহস আৰু শক্তি মানৱ জাতিৰ আছে ৷ বেয়া সময় ক্ষন্তেকীয়া , অনন্ত কালৰ বাবে নহয় ৷ আহক আমি সকলোৱে মিলি সেই সময়ৰ বাবে অপেক্ষা কৰোঁ ৷ অপেক্ষা কৰোঁ ৰোগমুক্ত এখন পৃথিৱীৰ বাবে —
—- ×—-
কবিতা শৰ্মা, গুৱাহাটী