কোৰাণ শ্বৰীফে হিজাবৰ ওপৰত নহয়, শিক্ষাৰ ওপৰত গুৰুত্ব দিছে: হিমন্ত বিশ্ব শৰ্মা

pc.the print

কোৰাণ শ্বৰীফে হিজাবৰ ওপৰত নহয়, শিক্ষাৰ ওপৰত গুৰুত্ব দিছে: হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা–  চলিত হিজাব বিতৰ্কৰ মাজতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কোৰাণ শ্বৰীফে হিজাবৰ ওপৰত নহয়, শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। “এতিয়া এইটো প্ৰশ্ন হৈ পৰিছে, শিক্ষা গুৰুত্বপূৰ্ণ নে হিজাব… মুছলমানসকলৰ আটাইতকৈ ডাঙৰ দায়িত্ব হৈছে শিক্ষা” তেওঁ কয়।উল্লেখ্য যে কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত হিজাব পৰিহিত ছাত্ৰীক শ্ৰেণীৰ পৰা উলিয়াই দিয়াৰ  পিছত ন্যায়ালয়ৰ (karnataka High Court) দ্বাৰস্থ হৈছিল ৬গৰাকী ছাত্ৰী। তেতিয়াৰ পৰাই হিজাবক লৈ উত্তাল হৈ আছে দেশ।