কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোভিড নিয়ম-নীতিৰ মাজেৰে:সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোভিড নিয়ম-নীতিৰ মাজেৰে:সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

-কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি আৰু জিলা আয়ুস গোটৰ সহযোগত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্রৰ কামৰূপা মঞ্চত উদযাপন কৰা হয়।জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে সুজিৎ বাগলাৰী আৰু প্ৰশান্ত প্ৰতীম কাঠকটীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱশৰ্মাৰ লগতে কামৰূপ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে যোগ  দিৱসৰ কাৰ্য সূচীত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত সাধনা যোগ কেন্দ্ৰৰ যোগ গুৰু জ্যোতিষ কলিতাই যোগাসন, প্ৰাণায়াম আৰু কীৰ্তন পৰিচালনা কৰে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এগছি বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আদৰণি ভাষণ প্ৰদান কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দেৱশৰ্মাই। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কাৰ্তিকে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতা বঢ়াবৰ বাবে যোগাভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। বৰ্তমানৰ কোভিড-১৯ৰ দৰে মহামাৰী প্ৰতিহত কৰিবৰ বাবেও  যোগাভ্যাস অপৰিহাৰ্য বুলি তেওঁ উল্লেখ কৰে ।