কামৰূপ জিলাৰ কোভিড প্ৰতিষেধক প্ৰদান মহা অভিযানৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে   

Pc-janasanyog
কামৰূপ জিলাৰ কোভিড প্ৰতিষেধক প্ৰদান মহা অভিযানৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে
বাৰ্ত্তাসেৱা-  কামৰূপ জিলাত কোভিড-১৯ প্ৰতিষেধক প্ৰদান মহা অভিযানৰ আজি দ্বিতীয় দিনা জিলাখনৰ বিভিন্ন স্থানৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ দায়িত্বত থকা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিকভাৱে অসমলৈ নিৰ্ধাৰণ কৰি দিয়া প্ৰতিদিনৰ ৩ লাখ ছিটা প্ৰদানৰ লক্ষ্য পূৰণৰ অৰ্থে কামৰূপ জিলাত প্ৰতিদিনে প্ৰদান কৰিবলগীয়া ছিটাৰ সংখ্যা আছিল দহ হাজাৰ৷ কালি এই অভিযানৰ প্ৰথমটো দিনত এই সংখ্যা অতিক্ৰম কৰি জিলাখনত অভিলেখসংখ্যক ১৫ হাজাৰ পালি প্ৰতিষেধক প্ৰদান কৰাত অভিভাৱক মন্ত্ৰী পাটোৱাৰীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাত সফল হোৱাৰ বাবে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, আশাকৰ্মী আদিকে ধৰি এই কাৰ্য সম্পাদনৰ দায়িত্বত থকা প্ৰতিগৰাকী লোককে তেওঁ আন্তৰিক কৃতজ্ঞতা জনায়৷ তেওঁ কয় যে জনসাধাৰণেও প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখুওৱা বিপুল সঁহাৰিয়ে কোভিড প্ৰতিৰোধৰ প্ৰতি তেওঁলোক সজাগ হোৱাটোকেই সূচায়৷
উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ ৫টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে৷ কেন্দ্ৰ কেইটি হ’ল ক্ৰমে আমিনগাঁৱৰ শৰাইঘাট উচ্চ-মাধ্যমিক বিদ্যালয়, শুৱালকুছিৰ গোপাল শাস্ত্ৰি প্ৰাথমিক বিদ্যালয়, হাজোৰ কৈবৰ্ততোলা প্ৰাথমিক বিদ্যালয়, কমলপুৰৰ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰঙিয়াৰ ৰঙিয়া উচ্চতৰ-মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰ৷কেন্দ্ৰ কেইটি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়কত্ৰয় ক্ৰমে সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা আৰু ভৱেশ কলিতা, জিলাখনৰ অভিভাৱক বিষয়া, প্ৰধান সচিব কে কে দ্বিবেদী, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে৷  কেন্দ্ৰসমূহ পৰিদৰ্শন কালত প্ৰতিষেধক প্ৰদানৰ বাবে লোৱা ব্যৱস্থাৱলীসমূহত সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে৷ জিৰণি কক্ষ, ছিটা প্ৰদান কক্ষ সুপৰিকল্পিতভাৱে স্থাপন কৰাৰ লগতে অন্যান্য কোভিড প্ৰট’কলসমূহ বজাই ৰাখিবলৈ যত্ন কৰাৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৰে শলাগ লয়৷ আজিও নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি আগন্তুক দিনকেইটাত কেন্দ্ৰসমূহত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে অন্যান্য কোভিড নীতি-নিয়মসমূহো বাধ্যতামূলকভাৱে মানি  চলাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ তেওঁ কয় যে অদৃশ্য শতৰু ক’ৰনা ভাইৰাছক প্ৰতিহত কৰি কোভিডৰ-১৯ ৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ অৰ্থে মুখ্যমন্ত্ৰীগৰাকীয়ে সমুখৰ পৰা নেতৃত্ব দি সকলোকে জড়িত কৰি যিদৰে আগবাঢ়িছে তাত সমাজৰ সকলো শ্ৰেণীৰ লোকে সঁহাৰি জনাইছে আৰু আগন্তুক দিনত এই সমূহীয়া প্ৰচেষ্টাৰে অসম কোভিড মুক্ত হ’ব বুলি তেওঁ কয়৷