কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত হাতেম আলী চেগুন বাগান খেল পথাৰত নৈশ বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মহাৰণ

কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত হাতেম আলী চেগুন বাগান খেল পথাৰত নৈশ বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মহাৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- চূড়ান্ত ফুটবল খেল খন উদ্ধোধন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত হাতেম আলী চেগুন বাগান খেল পথাৰত বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ নৈশ চূড়ান্ত ফাইনেল খেল উপভোগ কৰে অসংখ্য দৰ্শকে। কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন। এই প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে বিজয় পুৰ এফ চি ফুটবল দল বনাম নৰ্থ সংগ্ৰাম এফ চি ফুটবল দলে।কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত চলি থকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা আজি সন্ধিয়া ৮বজাত চূড়ান্ত ফাইনেল খেল অনুষ্ঠিত কৰা হয়। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে চানখোলা গাওঁ পঞ্চায়তৰ সভাপতি জেহেৰুল ইছলামে। সন্ধিয়া ছয় বজাত সাংস্কৃতিক অনুষ্ঠান উপস্থিত থাকে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ৰুণু বেগম। উদ্ধোধনী খেল খনত উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰহা সমষ্টিৰ বিধায়ক শশিকান্ত দাস, শিক্ষক দয় ক্ৰমে আলী আকাবৰ , আবুল কালাম, আব্দুল হাচিম চৌধুৰী,নুৰ জামাল ছামচুল হক ,২নং জিলা পৰিষদ সদস্য ছাইফুল ইছলাম আমচুৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম চানখোলা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য ছাদ্দাম হুছেইন কচুৱা গাওঁ পঞ্চায়ত আঞ্চলিক সদস্য মোক্তাৰ হুছেইন কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছানী কান্দা পাৰা আৰু ৰাঙলু বস্তি কিছামৰ গাওবুঢা খাইৰুল ইছলাম কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ছাইদুৰ ৰহমানৰ লগতে এই অঞ্চলৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। নিৰ্ধাৰিত সময় ড্ৰ হোৱাত ট্ৰাইবেকাৰ প্ৰদ্বিতীৰে চূড়ান্ত খেলখন সমাপ্ত কৰা হয়। কৰে। এই ভিতৰোৱা অঞ্চলটোত অনুষ্ঠিত হোৱা চূড়ান্ত ফুটবল খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অসংখ্য লোকৰ সমাগম হয়। বিজয় পুৰ এফ চি ফুটবল দল বিজয়ী হয়। খেল খেলনৰ প্ৰথম পুৰস্কাৰ ট্ৰফি লগতে৭০০০টকা কেছমানি। দ্বিতীয় পুৰস্কাৰ ট্ৰফি লগতে ৩০০০টকা কেচমানি । খেল পৰিচালক খাইৰুল ইছলাম,অহিদুৰ জামান,গনেশৰাম দাস, আৰু আজিজুল হক।