‘কলাকৰি ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল-২০২১’ত মুখ্য শাখাত নমিনেচন ‘দিঠকত হেৰাল সপোন’

Pc- the Janambhumi

‘কলাকৰি ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল-২০২১’ত মুখ্য শাখাত নমিনেচন ‘দিঠকত হেৰাল সপোন’

ৰঙিলী বাৰ্ত্তাসেৱা- মাকনপ্ৰিয়া প্ৰডাকচনৰ বেনাৰত নির্মিত অসমীয়া কথাছবি ‘দিঠকত হেৰাল সপোন’-এ মুক্তিৰ পূৰ্বেই এটাৰ পিছত -এটাকৈ সন্মান আৰু বঁটা পাবলৈ সক্ষম হৈছে। এইবাৰ ‘কলাকৰি ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল-২০২১’ত মুখ্য শাখাত নমিনেচন লাভ কৰিছে এই কথাছবিখনে।ফেষ্টিভেল আয়োজক সমিতিয়ে ই-মেইলযোগে এই খবৰ জনাইছে বুলি প্ৰযোজক অজিত বৰ্মন আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাই  জানিবলৈ দিয়ে।এই কথাছবিখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠত্ব প্রমাণ কৰিছে। লগতে আন কেইবাটাও পুৰস্কাৰ লাভ কৰিছে। ২৩ এপ্রিলত কথাছবিখনে অসমৰ দহটা ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল। কিন্তু ক’ভিড মহামাৰীৰ সংক্ৰমণৰ বাবে প্ৰদৰ্শন সাময়িকভাৱে বন্ধ ৰখা হৈছে।‘দিঠকত হেৰাল সপোন’ চিনেমাখন শীঘ্ৰে মুক্তি দিয়া হ’ব বুলি প্রযোজক গোষ্ঠীয়ে জানিবলৈ দিয়ে। দিঠকত হেৰাল সপোনৰ কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ। চিত্রনাট্য, সংলাপ আৰু পৰিচালনা পংকজ পল্লৱ শৰ্মাৰ। পৰিচালকগৰাকীয়ে পৰিচালনাৰ ইণ্ডিয়ান প্ল’ৰী এৱাৰ্ড পোৱাত সন্তুষ্ট হৈছে প্রযোজক অজিত বর্মনেৰ ছবিখনৰ সংগীত আৰু গীতৰ কথা অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনৰ।