কেন্দ্ৰীয় চৰকাৰৰ দেশত প্ৰতিষেধক প্ৰদানৰ হাৰ তৃৰান্বিত কৰাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ পৰা পুঁজি গ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ

pc- asian development bank

কেন্দ্ৰীয় চৰকাৰৰ দেশত প্ৰতিষেধক প্ৰদানৰ হাৰ তৃৰান্বিত কৰাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ পৰা পুঁজি গ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত ১০০ কোটি পালি ক’ভিড-১৯ প্রতিষেধক প্রদান সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত প্ৰতিষেধক প্ৰদানৰ হাৰ তৃৰান্বিত কৰাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ পৰা পুঁজি গ্ৰহণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ এছীয়া-প্রশান্ত মহাসাগৰীয় প্রতিষেধক যোগান ব্যৱস্থাৰ অধীনত ক’ভিড-১৯ৰ প্ৰতিষেধক আহৰণ কৰাৰ বাবে Asian Infrastructure Investment Bank চমুকৈ AIIB আৰু Asian Development Bank চমুকৈ ADBয়ে ভাৰতলৈ ২০০ কোটি মার্কিন ডলাৰৰ ঋণ আগবঢ়াব। ভাৰতে তিনিমাহ পূৰ্বে এই ঋণৰ বাবে আৱেদন জনাইছিল বুলি উল্লেখ কৰি AIIBৰ উপাধ্যক্ষ ড০ ডি জে পাণ্ডিয়ানে আজি বেইজিঙত এই কথা প্রকাশ কৰে।