কলাক্ষেত্ৰত এইডচ দিৱস উদযাপন

Pc Facebook

কলাক্ষেত্ৰত এইডচ দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ এইবাৰ মূল উদ্দেশ্য সমাজৰ মাজত বৈষম্য দূৰ কৰা,এইডচৰ অৱসান ঘটোৱা৷কেৱল অসুৰক্ষিত দৈহিক সম্পৰ্কৰ পৰা এইডচ বেমাৰ বিয়পা বুলি সমাজত এটা ধাৰণা গড় লৈ উঠিছিল৷ফলত এইডচ পৰীক্ষা কৰিবলৈ মানুহ আগবাঢ়ি আহিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল৷সেইবাবে এই ৰোগ চিনাক্ত কৰিবলৈ স্বাস্হ্য বিভাগে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল৷আজিকালি মানুহৰ সেই ধাৰণা সলনি হ’ল৷-এই মন্তব্য স্বাহ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ৷বিশ্ব এইডচ দিৱস উপলক্ষে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্হ্যমন্ত্ৰী মহন্তই এইদৰে কয়৷মন্ত্ৰীজনে কয়- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী আৰু একাংশ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টাত স্বাস্থ্যখণ্ডৰ আমোল পৰিৱৰ্তন হৈছে৷সেই সময়ত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সমাজৰ পৰা টিবি,মেলেৰিয়া আৰু অন্যান্য ৰোগ একপ্ৰকাৰ নোহোৱা কৰিবলৈ স্বাস্থ্য বিভাগ সক্ষম হৈছে৷ৰাইজে সহযোগ কৰিলে পৰিকল্পনা অনুসৰি ২০৩০ চনৰ ভিতৰত অসমৰ পৰা এইডচ ৰোগ নোহোৱা হ’ব৷ৰাজ্য চৰকাৰে ইয়াৰ বাবে যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰি বছৰজোৰা কাৰ্যসূচী হাতত লৈ কাম কৰি আছে৷ৰাজ্যত ৪৩০টা এইডচ আই ভি পৰীক্ষা কেন্দ্ৰ থকাৰ উপৰি চিনাক্ত হোৱা ৰোগীৰ চিকিৎসা প্ৰদান কৰা ৭ টা কেন্দ্ৰ আছে আৰু ২ টা কেন্দ্ৰ অচিৰেই সংযোজন কৰা হ’ব৷এইচ আই ভি পৰীক্ষা কৰাকে ধৰি সমাজৰ পৰা এই ৰোগ নোহোৱা কৰিবলৈ ৩৯ টা স্বেচ্ছাসেৱী সংগঠনে দিনে নিশাই সেৱা আগবঢ়াই আছে আৰু ১২ টা স্বেচ্ছাসেৱী সংগঠন শীঘ্ৰে অন্তৰ্ভূক্ত কৰা হ’ব৷আগন্তক দিনত এইচ আই ভি পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে সুক্ষ্মভাৱে কাম কৰি যাব৷অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই এইচ আই ভি সন্দৰ্ভত সংকোচ নকৰি মুকলিকৈ আলোচনা কৰিবলৈ সকলোকে আহ্বান জনায়৷তদুপৰি স্বাস্থ্য বিভাগে এইক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় অভিনেত্ৰীগৰাকীয়ে৷অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব তথা অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক অনুৰাগ গোৱেল,এন এইচ এমৰ মিছন সঞ্চালক ডা° লক্ষ্মনণ আইএছ আদি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷