কটন বিশ্ববিদ্যালয়ত ড° পাৰিজাত বৰগোহাঁইৰ কবিতা পুথি উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয়ৰ মাণিক চন্দ্ৰ বৰুৱা ভৱনত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ড° পাৰিজাত বৰগোঁহাইৰ কবিতা পুথি Whispering Embers আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়। এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা, সাহিত্যিক ইন্দ্ৰাণী ৰায়মেধী আৰু অধ্যাপক বিভাগ চৌধুৰীয়ে। ‘সভাত উপস্থিত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্রদান কৰি ড° পাৰিজাত বৰগোঁহাই কবিতা পুথিখন পাঠক সমাজে আদৰি ল’ব বুলি আশা প্রকাশ কৰে। অনুষ্ঠানত সাহিত্যিক, সাংবাদিক, শিক্ষাবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তিক উপস্থিত থাকে।
