দেশৰ নতুন সেনা সর্বাধিনায়ক হিচাপে এন এছ ৰাজা সুব্রমণিক নিযুক্তি 

Pc Jago Bangla

দেশৰ নতুন সেনা সর্বাধিনায়ক হিচাপে এন এছ ৰাজা সুব্রমণিক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ নতুন সেনা সর্বাধিনায়ক (চীফ অব ডিফেঞ্চ ষ্টাফ বা চিডিএছ) হ’ল লেফটেনেন্ট জেনেৰেল এন এছ ৰাজা সুব্রমণি। শনিবাৰে কেন্দ্ৰীয় চৰকাৰে তেওঁক এই পদত নিযুক্ত কৰাৰ কথা ঘোষণা কৰে। সেনা সর্বাধিনায়ক হোৱাৰ পিছত স্থলসেনা, নৌসেনা আৰু বায়ুসেনা এই তিনিওটা বাহিনীৰ মুৰব্বী হিচাপে কাম কৰিব সুব্রমণিয়ে। বর্তমান দেশৰ সেনা সর্বাধিনায়ক পদত আছে জেনেৰেল অনিল চৌহান। অহা ৩০ মে’ত তেওঁৰ কাৰ্যকাল অন্ত পৰিব। তাৰ পিছতে এই পদত দায়িত্বভাৰ চম্ভালিব এন এছ ৰাজা সুব্রমণিয়ে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিযোগে জনাইছে যে সুব্রমণিয়ে চিডিএছৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সামৰিক বিষয়ক দপ্তৰৰ সচিব হিচাপেও কাম কৰিব। আনহাতে কেন্দ্ৰই দেশৰ নতুন নৌসেনাপ্রধান হিচাপে কৃষ্ণ স্বামীনাথনক নিয়োগ কৰিছে। নৌসেনাৰ ভাইচ এডমিৰেল পদমর্যাদাৰ অফিচাৰ কৃষ্ণ স্বামীনাথনে চলিত মাহৰ শেষৰফালে নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্বভাব ল’ব। বর্তমান নৌসেনাৰ মুৰব্বী হিচাপে আছে ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্রিপাঠী। অহা ৩১ মে’ত তেওঁৰ কাৰ্যকাল অন্ত পৰিব। উল্লেখ্য যে ৰাষ্ট্ৰীয় ডিফেঞ্চ একাডেমীত আছিল সুব্রমণি। তাৰ পৰা ১৯৮৫ চনত যোগদান কৰে গড়ৱাল ৰাইফলছত। ব্রিটেইনত জইন্ট ছার্ভিচেছ ক’মাণ্ড ষ্টাফ কলেজতো কেইবছৰমানৰ বাবে যোগ দিছিল তেওঁ। দেশলৈ ওভতাৰ পিছত তেওঁক মাউন্টেইন ব্রিগেডৰ মেজৰ হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পিছত নেচনেল ডিফেঞ্চ কলেজতো আছিল তেওঁ। ৩৫ বছৰ দীঘলীয়া কর্মজীৱনত তেওঁ একাধিক সংঘাত প্ৰৱণ এলেকাত সংবেদনশীল পদৰ দায়িত্ব চম্ভালিছিল। কাজাখস্তানৰ ভাৰতীয় দূতাৱাসতো আছিল এসময়ত। সেনা বাহিনীত কৃতিত্বপূর্ণ সেৱা আগবঢ়োৱাৰ বাবে একাধিক সন্মানো লাভ কৰে তেওঁ। ২০২৩ চনত সুব্রমণি চেন্ট্রেল ক’মাণ্ডৰ ক’মাণ্ডিং ইন চীফ জেনেৰেল অফিচাৰ নিযুক্ত হয়। তাৰ পিছৰ বছৰতে দেশৰ ৪৭ সংখ্যক চিডিএছ হিচাপে দায়িত্ব লাভ কৰে। সক্রিয় সামৰিক চাকৰিৰ পৰা অৱসৰৰ পিছত সুব্রমণি আপাততঃ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ পৰামৰ্শদাতা হিচাপে কাম কৰে। এইবাৰ তেওঁক তিনিওটা বাহিনীৰে মুৰব্বীৰ দায়িত্ব দিয়া হ’ল। ইফালে পৰৱৰ্তী নৌসেনাপ্রধান স্বামীনাথন বর্তমান মুম্বাইত পশ্চিম নেভেল ক’মাণ্ডৰ মুৰব্বী হিচাপে কৰ্মৰত হৈ আছে। ইয়াৰ পূৰ্বে তেওঁ নৌসেনাৰ উপ-প্রধানৰ দায়িত্বও চম্ভালিছিল। ক্ষেপণাস্ত্রবাহী যুদ্ধজাহাজ আইএনএছ বিদ্যুৎ, আইএনএছ বিনাশ, ক্ষেপণাস্ত্রবাহী কৰভেট আইএনএছ কুলিছ, ক্ষেপণাস্ত্র ধ্বংসকাৰী আইএনএছ মহীশূৰ আৰু বিমানবাহী যুদ্ধজাহাজ আইএনএছ বিক্রমাদিত্যৰ ক’মাণ্ডাৰ আছিল তেওঁ।