‘মা’
ডাঃ যুতিকা ওজা
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
এটি শব্দ মাথো-‘মা’- মমতাৰে পূৰ্ণ
এক অপূৰ্ব্ব সৃষ্টি সৃষ্টিকৰ্ত্তাৰ
যাৰ সান্নিধ্যই দিয়ে গভীৰতাৰ আভাস
সৰলতাৰ সূতাৰে বন্ধা
এক সচা অনুভূতি
হৃদয়ক আপোন কৰা
জননী তুমি
কৰুণাময়ী তুমি
তোমাৰ সৈতে মোৰ শিপাৰ সম্বন্ধ
কাণ্ডাৰী তুমি মোৰ
তুমিয়ে শিকালা জীৱন যুজঁৰ সমীকৰণৰ
যোগ-বিয়োগ, পূৰণ,হৰণ
তোমাকেই কৰো প্ৰণাম শত শত বাৰ
জনমে জনমে হোৱা যেন তুমিয়ে
জন্মদাত্ৰী মাতৃ মোৰ
