কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী

কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক বিধানসভাত কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনাইছে অসম কছাৰী জাতীয় পৰিষদ,অসম কছাৰী যুৱ ছাত্ৰ পৰিষদ,অসম কছাৰী মহিলা পৰিষদে৷ উক্ত সংগঠন কেইটাই দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত অসম কছাৰী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি মহেশ নাৰ্জাৰী আৰু সম্পাদক চিফু উজ্জ্বল বসুমতাৰীয়ে কয়-বৃহত্তৰ অসমীয়া সমাজ ধৰ্ম সংস্কৃতিৰ সৈতে জড়িত প্ৰধানকৈ অতি অনুন্নত ভূমিপুত্ৰ কছাৰীসকল প্ৰধানকৈ উজনি অসমৰ বিভিন্ন জিলাত প্ৰাগঐতিহাসিক কালৰ পৰাই বসবাস কৰি আহিছে৷এই সকলক মহাপুৰুষ শংকৰ গুৰুজনাই কিৰাতকছাৰী আৰু তেৰাৰ প্ৰধান শিষ্য মাধৱ গুৰুজনাইয়ো কছাৰী নামেৰে পৰিচয় দি ধৰ্মশাস্ত্ৰত উল্লেখ কৰি গৈছে৷জাতি মাতৃ থলুৱা অসমীয়াভাষী এই লোক সকলে বহু অতীজৰ পৰাই নিজকে কছাৰী বা অসমীয়াভাষী কছাৰী বা অসমীয়াভাষী বৰ’কছাৰী বুলি পৰিচয় দি আহিছে৷অসমৰ কামৰূপ(গ্ৰাম্য),মেট্ৰ,গোলাঘাট,যোৰহাট,শিৱসাগৰ,লখিমপুৰ,ডিব্ৰুগড়,কাৰ্বিআংলং,তিনিচুকীয়া,নগাঁও,মৰিগাঁও,শোণিতপুৰ,ধেমাজি আদিত প্ৰায় ৫ লাখ কছাৰী আছে৷অতিকৈ পিছপৰা কছাৰীসকল এই সাংবিধানিক সুবিধা লাভৰ পৰা আজিও বঞ্চিত হৈ আছে৷চৰকাৰে সঠিক জাতি বিচাৰ বিবেচনা নকৰাকৈ এই কছাৰীসকলৰ বসতি প্ৰধান গাঁওসমূহ ইতিমধ্যে গঠিত বিভিন্ন কাউঞ্চিল সমূহত অন্তৰ্ভূক্ত কৰিছে৷ফলস্বৰূপে অন্যান্য জাতি জনগোষ্ঠীসমূহৰ হেচাত দিনে দিনে এই সকলৰ নিজৰ সাতামপুৰুষীয়া উপাধিবিলাক সলনিকৃত হৈ জাতিটোৰ অস্তিত্ব আৰু পৰিচয়ৰ সংকটপূৰ্ণ অৱস্হাত পৰিছে৷শিক্ষা দীক্ষা,ৰাজনৈতিক,সাহিত্য সাংস্কৃতিক আদি সকলো দিশতে কছাৰী আজি লাওলোৱা অৱস্হা৷২০১৩ চনৰ পৰা কছাৰীৰ সমস্যা সমাধানৰ দাবী জনাই অহাৰ পাছতো বাৰে বাৰে কছাৰীৰ জনমতক উপেক্ষিত আৰু বঞ্চিত কৰি নতুন অটোনমাচ কাউঞ্চিল গঠন কৰিয়েই আছে আৰু কছাৰীৰ সাংবিধানিক মৌলিক স্বাধীনত খৰ্বৰে এটাৰ পাছত আনটো জাতীয় সমস্যা বৃদ্ধি হৈ গৈ আছে৷বড়ো আৰু কছাৰী একে নহয়৷বড়োৰ ভাষা ধৰ্ম সংস্কৃতি কছাৰীৰ দৰে একে নহয়৷বড়োৰ বিকাশ হ’লে কছাৰীৰ বিকাশ নহয়৷ৰাজনৈতিক,সামাজিক আচৰণ,ধৰ্মীয়,শৈক্ষিক,খাদ্যাভ্যাস,জাতীয় চিন্তা ভাৱনা আদি সকলো দিশতে কছাৰী আৰু বড়ো অমিল৷কিন্তু ইতিমধ্যে চৰকাৰে এই কছাৰীসকলক পৃথক জনগোষ্ঠীৰ বড়োসকলৰ সৈতে সাঙুৰি বিটিআৰৰ বাহিৰত ’বডো কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউঞ্চিল’ গঠন কৰিছে৷চৰকাৰৰ এই কাৰ্য অতি অসাংবিধানিক আৰু অপৰম্পৰাগত৷এই কাউঞ্চিলখন সম্পূৰ্ণ কছাৰীসকলক উপেক্ষিত কৰি বড়োসকলৰ নেতৃত্বত গঠন কৰিছে৷