কংগ্ৰেছৰ তালিকাত গুৱাহাটী সমষ্টিৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম

কংগ্ৰেছৰ তালিকাত গুৱাহাটী সমষ্টিৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজনীতিলৈ আহিব নেকি বৰষাৰাণী বিষয়া? এই সন্দৰ্ভত এতিয়া চচিয়েল মিডিয়াত বহুলভাৱে চৰ্চা আৰম্ভ হৈছে।বৰষা কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব বুলি ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে।এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছে অভিনেত্ৰীগৰাকীলৈ আগবঢ়াইছে প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ।লোক সভাৰ নিৰ্বাচনৰ কাৰণে কংগ্ৰেছে ১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে৷এই তালিকা এতিয়া ছোনিয়া গান্ধীৰ টেবুলত৷প্ৰাৰ্থীৰ তালিকা চূড়ান্ত নহয় যদিও বহু প্ৰভাৱশালী নেতাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে৷ বিজেপিৰ গুৱাহাটীৰ সাংসদ কুইন ওজাৰ সলনি বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক প্ৰাৰ্থিত্ব দিব বুলি চৰ্চা চলি আছে৷তেনে সময়তে কংগ্ৰেছৰ তালিকাত গুৱাহাটী সমষ্টিৰ বাবে অন্তৰ্ভুক্ত হৈছে আন এগৰাকী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম৷অৱশ্যে বৰষা ৰাণী বিষয়াই সন্মতি দিয়াটো এইপৰ্যন্ত নিশ্চিত হোৱা নাই৷