ওদালগুৰিৰ ডিমাকুছিত নিশা বন্যহস্তীয়ে তচনচ কৰিলে কেইবাটাও বাসগৃহ

ওদালগুৰিৰ ডিমাকুছিত নিশা বন্যহস্তীয়ে তচনচ কৰিলে কেইবাটাও বাসগৃহ

অমৰজিৎ ৰাভা, ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত অছে হাতী মানুহৰ সংঘাত ৷ বিশেষকৈ জিলা খনৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰজাগড় , আটাৰীখাট , ডিমাকুছি , কালিখোলা , নালাপাৰা , ভূটিয়াচাং , নোনাইপাৰা আদি অঞ্চলত নিতৌ সন্ত্ৰাস সৃষ্টি কৰি আহিছে বন্যহস্তীৰ জাকে ৷ কাষৰীয়া বনাঞ্চল আৰু চাহ বাগিছাত আশ্ৰয় লৈ থকা বন্যহস্তীৰ জাকে নিশা হলেই গ্ৰামাঞ্চলত প্ৰবেশ কৰি সন্ত্ৰাস চলোৱাৰ লগতে ঘৰ দুৱাৰ তচনচ কৰাৰ উপৰি খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷ সম্প্ৰতি বন্যহস্তীৰ বৃহৎ জাকক নিয়ন্ত্ৰণ কৰিবলৈ বনবিভাগো অপাৰগ হোৱা পৰিলক্ষিত হৈছে ৷ বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰাহী মধুসূদন সোঁৱৰা গাঁওবাসীয়ে এতিয়া প্ৰতিদিনেই উজাগৰী নিশা কটাবলগীয়া হৈছে ৷ আজি নিশা জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে ২ নং উত্তৰ ডিমাকুছিত গোটেই নিশা সন্ত্ৰাস চলায় ৷ হাতীটোৱে গাঁওখনৰ হৰিদাস শৰ্মা , দম্বৰ বাহাদুৰ বিশ্বকৰ্মা আৰু সমৰেন্দ্ৰ কলিতাৰ বাসগৃহ ভাঙি তচনচ কৰে ৷ নিশা বন্যহস্তীৰ অতৰ্কিত আক্ৰমণত পৰিয়াল কেইটাৰ সদস্য সকল কোনোমতে পলাই নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ ইপিনে ভূক্তভোগী লোক সকলে বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণ কৰি জীৱন আৰু সম্পৰ্ত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বনবিভাগ তথা প্ৰশাসনক দাৱী জনাইছে ৷