ঐতিহাসিক বিজয়ৰ পিছত অসমৰ জনতাক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা– বিজেপি আৰু মিত্রদলসমূহে ২০২৬ৰ বিধানসভা নির্বাচনত দেখুওৱা সাফল্যক লৈ উৎফুল্লিত হৈ পৰিল ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়। ফলাফল ঘোষণাৰ পিছতেই বাজপেয়ী ভৱনত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- এনডিএ আৰু বিজেপিয়ে অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিলে। এনে ফলাফলৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ আৰু এই ঐতিহাসিক বিজয়ৰ সময়ত ক’ব বিচাৰোঁ যে নিৰ্বাচনৰ সময়ত দিয়া প্রতিটো প্রতিশ্রুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে কাম কৰিম। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০টা বছৰত আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে। অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্রকাশ কৰিলে। তৃতীয়বাৰলৈ একেৰাহে বিজেপিশাসিত ৰাজ্যসমূহৰ ভিতৰত অসমে নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ’ল। নির্বাচনী জয়ত বিজেপিৰ অভাৱনীয় সাফল্যৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট ধৰাশায়ী হোৱা প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে তিনি গগৈৰ ৰাজনীতিৰ বাবেই অসমৰ ৰাইজে তেওঁলোকক শাস্তি প্রদান কৰিছে। তেওঁ কয়- তিনি গগৈৰ শব্দটোৱেই আছিল আমাৰ জাতিটোক দ্বিখণ্ডিত কৰাৰ এক ষড়যন্ত্র। অসমৰ ৰাজনীতিত কেতিয়াও উপাধি, জাতি আৰু বৰ্ণক লৈ ৰাজনীতি হোৱা নাছিল। লোকপ্রিয় গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই দীঘলীয়া ৰাজনৈতিক ইতিহাসত উপাধিৰ সৈতে ৰাজনীতি কৰিব বিচৰা এয়া নজনা-নুশুনা এক প্রচেষ্টা আছিল। পূর্বে কেতিয়াও উপাধিৰে ৰাজনীতি কৰিবলৈ কোনোৱে বিচৰা নাছিল, এয়া কংগ্রেছেই হওক বা বিজেপিয়েই হওক। এইবাৰ প্রথম উপাধিৰ সৈতে ৰাজনীতি কৰিব বিচৰা হৈছে আৰু ইয়াক ৰাইজে প্রত্যাখ্যান কৰিছে। মই আগতে কৈ অহাৰ দৰে বিজেপিৰ মঞ্চত গগৈও আছে, বৰগোহাঞিয়ো আছে, বুঢ়াগোহাঁয়ো আছে, দাস-কলিতা-কোচ ৰাজবংশী, পাহাৰ-ভৈয়ামৰ জনজাতি সকলো লোকৰ বাবে সমাৱেশ আছে। সেই কাৰণে বিজেপিয়ে বৰাকৰ পৰা পাহাৰলৈ, নামনিৰ পৰা উজনিলৈকে, মধ্য অসমৰ পৰা বিজেপিয়ে সমগ্র ভূখণ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ ৰাইজে এই তিনি গগৈৰ ৰাজনীতি দৃঢ়তাৰ সৈতে প্রত্যাখ্যান কৰিছে। আৰু দুজন গগৈক অসমৰ ৰাইজে নিৰ্বাচনত পৰাজিত কৰিলে। ইফালে, এই নির্বাচনত জেন-জিৰ ভূমিকাক লৈ চলা চৰ্চাৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয়- সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত, বিশেষকৈ একাংশ প্ৰচাৰ মাধ্যমে জেন-জিৰ ক্ষেত্ৰতো একপক্ষীয় নীতি গ্ৰহণ কৰা এইবাৰ নির্বাচনত দেখিবলৈ পোৱা গৈছে। তেনে সংবাদ মাধ্যমৰ দৃষ্টিত ৰূপালী লাংথাছা, ধীৰাজ গোৱালা, মিলন দাস কিন্তু জেন-জি নাছিল। অর্থাৎ জেন-জিৰ সমগ্ৰ অধিকাৰ বিৰোধীৰ পক্ষতহে যেন আছিল। এই নির্বাচনত বিজেপিয়ে আগবঢ়োৱা সকলোবোৰ যুৱ প্রার্থী জয়ী হ’বলৈ সক্ষম হৈছে আৰু দলে যিসকল জেন-জি প্রার্থীক প্রার্থিত্ব দিছিল, প্ৰতিগৰাকীয়ে এই নির্বাচনত জয়লাভ কৰিছে। আনহাতে, বিৰোধী কংগ্ৰেছৰ ধৰাশায়ী অৱস্থাক আঙুলিয়াই আজি মুখ্যমন্ত্রী ড° শর্মাই কয়- হিন্দুৰ প্ৰভুত্ব থকা সমষ্টিত কংগ্ৰেছৰ জয়লাভ নোহোৱাটো লক্ষণীয় দিশ। নাওবৈচা, শিৱসাগৰৰ বাহিৰে বিৰোধীত হিন্দু বিধায়ক নথকাটো স্পষ্ট। মই বহুদিন আগতে কৈছিলোঁ যে কংগ্রেছত হিন্দু সমাজ থকাৰ পৰিৱেশ নাই। সেই কাৰণে ভূপেন বৰা, প্রদ্যুৎ বৰদলৈক আমি মাতি আনিছিলোঁ। অনাগত দিনতো আমি কংগ্ৰেছৰ যিসকল ভাল, অধ্যয়নপুষ্ট বা সামাজিকভাৱে নেতৃত্ব আগবঢ়াব পৰা নেতা আছে, তেওঁলোককো আমি আহ্বান জনাম। অসমৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অহা সময়ত সকলোৱে বিজেপিৰ এই মহামঞ্চত একত্ৰিত হৈয়েই আমি জাতিটোক বাংলাদেশীৰ পৰা ৰক্ষা কৰিব লাগিব। আজিৰ দিনটোত সকলোকে সেয়েহে মই আহ্বান জনাওঁ- আপোনালোকে বিজেপিৰ এই মহামঞ্চত মিলিত হওক, যাতে বাংলাদেশী মিঞাৰ আগ্ৰাসনৰ পৰা আমি জাতিটোক বচাব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে পশ্চিমবংগৰ ফলাফলৰ প্ৰসংগত কয়- মই পশ্চিমবংগত উল্লেখ কৰিছিলোঁ যে ৰাজ্যখনত বিজেপিয়ে ডাবল চেঞ্চুৰী আৰু অসমত চেঞ্চুৰী মাৰিব, কাৰ্যতঃ সেই দিশতে আমি আগবাঢ়িছোঁ। আনহাতে, বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰি তেওঁ কয়- যোৱাবাৰ আমি ডেৰ লাখ বিঘা দখল ভূমিত উচ্ছেদ চলাইছিলোঁ, এইবাৰ আমাৰ লক্ষ্য বেছি। পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ জয় অসমৰ বাবে এইবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিশ বুলিও আজি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয়- পশ্চিমবংগৰ নিৰ্বাচনৰ সময়তে মই উল্লেখ কৰিছিলোঁ ভাৰত-বাংলাদেশ সীমান্ত ত্ৰিপুৰা-মেঘালয়-অসম আৰু পশ্চিমবংগই চুই আছে। এই ৰাজ্যকেইখনৰ ভিতৰত অসমতে কমসংখ্যক সীমান্ত আছে। ভাৰত আৰু বাংলাদেশৰ সীমাই আটাইতকৈ বেছি চুই আছে পশ্চিমবংগত। বহু সময়ত আমাৰ ইয়াৰ ছাত্ৰ সংগঠন-যুৱ সংগঠনে দাবী কৰে যে অসমত কাঁইটীয়া তাঁৰৰ বেৰ সম্পূৰ্ণ হোৱা নাই বা সীমান্ত ছীল কৰিব লাগে। কিন্তু প্ৰথমৰ পৰাই আমি এই কথা উল্লেখ কৰি আহিছোঁ যে অসমত সীমান্ত ছীল কৰি লাভ নাই। যদিহে আন ৰাজ্যসমূহত এই সীমাসমূহ মুকলি হৈ থাকে। পশ্চিমবংগত মমতা বেনাৰ্জীয়ে তেওঁৰ কার্যকালত সীমান্তত ফেঞ্চিং নিৰ্মাণৰ বাবে বিএছএফক ভূমি আবণ্টন দিয়া নাছিল। বিজেপিয়ে ইতিমধ্যে প্রতিশ্রুতি দিছে যদিহে চৰকাৰ গঠন হয়, তেন্তে চৰকাৰৰ প্ৰথম লক্ষ্য হ’ব ভাৰত-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ কথা, বিএছএফক ভূমি আবণ্টন দিয়া। ইয়াৰ ফলত অসম বা পশ্চিমবংগত বাংলাদেশী মুছলমান সোমোৱাৰ যি এক পথ আছিল, সেই পথ বন্ধ হৈ যাব। দেশৰ সাৰ্বভৌমত্বৰ বাবে পশ্চিমবংগত বিজেপিৰ চৰকাৰ অহাটো অত্যন্ত প্রয়োজন আছিল। মই ভাবোঁ- আজি ৰাষ্ট্ৰৰ বাবে আনন্দৰ দিন। অসম বিধানসভা নির্বাচনত শতাধিক আসন দখল কৰি বিজেপি নেতৃত্বাধীন মিত্রজোটে পুনৰবাৰ ক্ষমতা দখল কৰাৰ পিছতে এতিয়া ৰাজ্যজুৰি নতুন চৰকাৰ গঠনৰ প্রক্রিয়াক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে। এই সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন চৰকাৰ গঠনৰ সাংবিধানিক দিশসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ স্পষ্টকে কয় যে নতুন চৰকাৰ গঠনৰ বাবে নির্ধাৰিত কিছুমান সাংবিধানিক নীতি-নিয়ম আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্রথম পর্যায়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিয়ম অনুসৰি ৰাজ্যপালৰ ওচৰত নিজৰ পদত্যাগ-পত্র দাখিল কৰিব। ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পার্টিয়ে দলীয় নেতা নিৰ্বাচন কৰিব আৰু তাৰ পিছতে এনডিএৰ মিত্রদলসমূহৰ মাজত আলোচনা হৈ মিত্রজোটৰ নেতা নির্বাচন কৰা হ’ব। এই প্রক্রিয়া সম্পূর্ণ হোৱাৰ পিছতহে ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আহ্বান জনাব আৰু অৱশেষত আনুষ্ঠানিকভাবে শপত গ্রহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। শপত গ্ৰহণৰ দিন বা তাৰিখৰ সন্দর্ভত ড° শর্মাই কয় যে বর্তমানলৈকে কোনো নির্দিষ্ট তাৰিখ চূড়ান্ত কৰা হোৱা নাই। এই ক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কেন্দ্রীয় নেতৃত্বৰ সৈতে নিবন্তৰ যোগাযোগ ৰাখিছেবুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত এই বিষয়ে বিতংভাবে জনোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
