এমট্ৰনৰ একাউণ্টৰ পৰা হৰলুকি ২.৫৭ কোটি টকা

এমট্ৰনৰ একাউণ্টৰ পৰা হৰলুকি ২.৫৭ কোটি টকা

ৰঙিলী বাৰ্ত্তাসেৱা-  এমট্ৰনৰ একাউন্টৰ পৰা হৰলুকি ২:৫৭ কোটি টকা৷তাৰাচিছ নামৰ এটা কোম্পানীত যাব লগীয়া এই বৃহৎ পৰিমাণৰ টকা গৈ আন এটা কোম্পানীত জমা হৈছিল।এমট্ৰনৰ ঠিকা ভিত্তিত কৰ্মচাৰী ৰাহুল হুজুৰীৰ জৰিয়তেই ট্ৰেন্সফাৰ হৈছিল এই বৃহৎ পৰিমাণৰ ধন। মহাৰাষ্ট্ৰ বেংকৰ লাখটকীয়া ব্ৰান্সৰ জৰিয়তে ট্ৰেন্সফাৰ হৈছিল টকা ।এই সমগ্ৰ ঘটনা সন্দৰ্ভত এমট্ৰন কৰ্তৃপক্ষৰ পৰা অসম আৰক্ষীৰ চি আই ডি ত গোচৰ দিছিল। ইতিমধ্যে এমট্ৰনৰ কাৰ্যলয়ত চি আই ডিৰ দল উপস্থিত হৈছে।এমট্ৰনৰ পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ।এমট্ৰনৰ গাণনিক বিষয়া ৰাহুল হুজুৰিক জেৰা অব্যাহত চি আই ডিৰ ।চি আই ডিৰ মুখ্য কাৰ্যালয়ত জেৰা চলাই থকা হৈছে হুজুৰিক।এমট্ৰনৰ একাউণ্টৰ পৰা ধন হৰলুকী হোৱা সন্দৰ্ভত কালি আটক কৰা হৈছিল গাণনিক বিষয়া হুজুৰিক৷ ৮ নৱেম্বৰত বেংক অফ মহাৰাষ্ট্ৰ,লাখটকীয়া শাখাৰ পৰা ট্ৰেন্সফাৰ হৈছিল প্ৰায় ২:৫৭কোটি টকা৷ৰাহুল হুজুৰিৰ মেইলৰ পৰা ৮ নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল৷ ৰাহুল হুজুৰিয়ে নিজৰ মেইল হেক কৰা বুলি জেৰাত ভাষ্য প্ৰদান কৰে৷ কেইবাটাও একাউণ্টত ধন পঠিয়াবলৈ মেইল কৰিছিল গাণনিক বিষয়া ৰাহুল হুজুৰিয়ে। কিন্তু এমট্ৰন কৰ্তৃপক্ষ জ্ঞাত নাছিল ইমান ধন ট্ৰেন্সফাৰ কৰা সন্দৰ্ভত।পাছত বেংক আৰু এমট্ৰনৰ তৰফৰ পৰা পানবজাৰ থানা আৰু চি আই ডিত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল ১০ আৰু ১১ নৱেম্বৰত৷ইতিমধ্যে যি কেইটা একাউণ্টত টকা ট্ৰেন্সফাৰ কৰা হৈছিল সেই আটাইকেইটা একাউণ্ট জব্দ কৰা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০(B)/৪০৬/৪২০/৪০৯ আৰু ৬৬ IT ACT ৰ অধীনত CID ৰ থানাত ১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, চি আই ডিৰ এটা দলে এমট্ৰনৰ কাৰ্যালয়ত পুৱা উপস্থিত হৈ তদন্ত চলাই আছে।