এচিএছ বিষয়া লাচিত কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন

এচিএছ বিষয়া লাচিত কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে  এচিএছ বিষয়া লাচিত কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰিছে। এই সন্দৰ্ভত কৰ্মচাৰী বিভাগৰ তৰফৰ পৰা এক নির্দেশনা জাৰি কৰা হৈছে। কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিটাল স্বাক্ষৰিত নির্দেশনাটোত উল্লেখ কৰা অনুসৰি ঘোচ লৈ হাতে-লোটে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযানকাৰী দলৰ জালত পৰা দিনটোৰ পৰাই লাচিত কুমাৰ দাসৰ নিলম্বনৰ নিৰ্দেশ কাৰ্যকৰী হ’ব। উল্লেখ্য যে ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ অতিৰিক্ত সচিব তথা অতিৰিক্ত ভূমিলেখ্য অধিকর্তা লাচিত কুমাৰ দাসে নিজ কার্যালয়ত ৪৫ হাজাৰ টকা উৎকোচ লওঁতেই যোৱা ২১ মে’ত অভিযানকাৰী দলে প্ৰেপ্তাৰ কৰিছিল। লাচিত কুমাৰ দাসৰ বিৰুদ্ধে এই সন্দৰ্ভত দুর্নীতিবিৰোধী শাখাৰ আৰক্ষী থানাত ১৯/২০২৬ নম্বৰৰ এটা গোচৰ ৰুজু হৈছে। য’ত আৰোপ কৰা হৈছে দুর্নীতি প্রতিৰোধ আইনৰ ৭ (ক) নং ধাৰা। এই বিষয়ে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে আনুষ্ঠানিকভাৱে অৱগত কৰাৰ পাছত কৰ্মচাৰী বিভাগে ‘আছাম ছার্ভিচেছ (ডিছিপ্লিন এন আপীল)ৰু্লছ-১৯৬৪’ৰ ৬ (২) নং অধিনিয়মৰ অধীনত দাসক চাকৰিৰ পৰা নিলম্বন কৰে। মন কৰিবলগীয়া যে দাসক গ্ৰেপ্তাৰৰ পাছতে দুর্নীতিগ্রস্ত বিষয়াজনৰ বেলতলাস্থিত কুইন গার্ডেন এপার্টমেণ্টৰ ফ্লেটত অভিযান চলাই নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে ৪৮,৩৮,১৫০ টকা জব্দ কৰিছিল। পৰৱৰ্তী সময়ত একেটা এপার্টমেন্টতে দাসৰ খুলশালীয়েক থকা ফ্লেটত জব্দ কৰা হৈছিল ১.১৭ কোটি টকা। অকল ইমানেই নহয়, অভিযানকালত উদ্ধাৰ হোৱা দাসৰ ৯টা বেংক একাউণ্টত প্রায় ৮১ লাখ টকা পোৱা গৈছে। অর্থাৎ জব্দ কৰা মুঠ ধনৰ পৰিমাণ হ’ল প্রায় ২.৪৭ কোটি টকা। তদুপৰি দুর্নীতিৰে আহৰণ কৰা বৃহৎ পৰিমাণৰ ধন বিনিয়োগৰো নথি-পত্ৰ পাবলৈ সক্ষম হৈছে অভিযানকাৰী দলে। সেইদৰে ৭২ লাখ টকাৰো অধিক মূল্যৰ সোণ আৰু গুৱাহাটীকে ধৰি ভিন্ন স্থানত থকা ভূ-সম্পত্তিৰ নথিও ইতিমধ্যে জব্দ কৰা হৈছে। ইফালে বিশেষ ন্যায়াধীশৰ আদালতে কালি ধৃত এচিএছ বিষয়াজনক ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। জিম্মাত পোৱাৰ পিছতে গোচৰটোৰ অনুসন্ধানকাৰী সংস্থা নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে দাসক মাৰাথন জেৰা চলাই আছে।