উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰাকৰ খুন্দাত ৩ স্কৰপিঅ’ আৰোহী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা ভয়াৱহ দুর্ঘটনাত তিনি যুৱকৰ শোকাৱহ মৃত্যু ঘটে। নিহত যুৱককেইজন ৰঞ্জিত দে’, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্রতিম বর্মন বুলি চিনাক্ত কৰা হৈছে। শোকাৱহ দুর্ঘটনাটো সংঘটিত হয় গুৱাহাটী মহানগৰীৰ উপকণ্ঠ তথা উত্তৰ গুৱাহাটী (গৌৰীপুৰ) আৰক্ষী চকীৰ অন্তৰ্গত গৌৰীপুৰৰ কালীপাহাৰ নামৰ ঠাইখিনিৰ ৰাষ্ট্ৰীয় ঘাইপথত। নিশা প্ৰায় ২.৩০ মান বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। ভুল দিশেৰে তীব্রগতিত অহা এখন মালবাহী ট্রাকে চাংসাৰি অভিমুখে এএছ-০১ জি পি-৯৯৪০ নম্বৰৰ স্কৰপিঅ’ বাহনখনক মুখামুখিকৈ প্ৰচণ্ড জোৰে খুন্দা মাৰে। এএএছ-০১ ডিচি-৩১৪১ নম্বৰৰ লোহা কঢ়িয়াই অনা ট্রাকখনৰ খুন্দাত চুৰ্চূমৈ হৈ পৰে স্কৰপিঅ’ বাহনখন। এই ভয়াৱহ দুৰ্ঘটনাৰ খবৰ গৌৰীপুৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ স্কৰপিঅ’ বাহনখনত মুমূর্ষ অৱস্থাত আবদ্ধ হৈ থকা তিনি আৰোহীক উদ্ধাৰ কৰি চিকিৎসালৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পিছত চিনাক্ত কৰা যুৱককেইজন মালিগাঁও গো-শালাৰ সোণেশ্বৰ বেজবৰুৱাৰ পুত্ৰ কৰুণা বেজবৰুৱা , প্রয়াত কবীন্দ্ৰ বৰ্মনৰ পুত্ৰ পাৰ্থপ্রতিম বৰ্মন আৰু ৰণজিৎ দে’ বুলি জানিব পৰা যায়। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত কৰাৰ লগতে ঘাতক ট্রাকখন জব্দ কৰিছে যদিও চালকজনৰ সন্ধান লাভ কৰা নাই। ইপিনে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিওগৰাকীৰ মৃতদেহ বাসগৃহ আহি পোৱাৰ পিছতে অঞ্চলটোত এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়।
