গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা প্ৰশাসনৰ

Pc myPaisa

গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা প্ৰশাসনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ বিভিন্ন প্রান্তত পুনৰ শেহতীয়াকৈ আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দেখা হৈছে। যাৰ বাবে সেই জিলাসমূহত গাহৰি বিক্ৰী-সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ  তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাৰ কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰ (এ এছ এফ) ধৰা পৰিছে। আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ পিছতে জিলা প্রশাসনে তৎকালীনভাবে এই ৰোগবিধ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। ইতিমধ্যে জিলা আযুক্ত তথা জিলা দণ্ডাধীশ সুমিত ছাত্তাৱানে এই সন্দৰ্ভত দুর্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত এক আদেশ জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই নিষেধাজ্ঞা অনুসৰি, শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱক আফ্রিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰস্থল হিচাপে বিবেচনা কৰি অঞ্চলটোৰ ১ কিঃমিঃ ব্যাসার্ধৰ সংক্ৰমিত ঠাই আৰু ১০কিঃমিঃ ব্যাসাৰ্ধ পৰ্যন্ত অঞ্চলক নিৰীক্ষণ এলেকা হিচাপে ঘোষণা কৰা হৈছে । এই সন্দর্ভত শেহতীয়াকৈ পশুপালন বিভাগে জাৰি কৰা নির্দেশৰ পাছতে সৃষ্টি হৈছে তীব্র প্রতিক্ৰিয়াৰ। কাৰ্যতঃ শদিয়াত গাহৰি, গাহৰি মাংস বেচা-সৰবৰাহ বন্ধ কৰা হৈছে যদিও এই এলেকাৰ সকলো গাহৰি নিধনৰ বাবেও প্রস্তুতি চলাইছে পশুপালন বিভাগে। অহা ২৯ মে’ৰ ভিতৰত সকলো গাহৰি নিধন কৰিব পশুপালন বিভাগে।  পশুপালন বিভাগৰ জাননীৰ পাছতে তিনিচুকীয়া জিলাৰ উপায়ুক্তই এ এছ এফ নিয়ন্ত্ৰণ আৰু নির্মূলৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে ২৭ মে’ৰ পৰা ২৯ মে’লৈ তিনিদিন সময় লৈ গাহৰি নিধনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। জানিব পৰা মতে, শদিয়াৰ পৰা অন্য চুবুৰীয়া জিলালৈ তথা অৰুণাচল প্রদেশলৈ যাতে ছোৱাইন ফ্লু সংক্রামক হ’ব নোৱাৰে তাক লৈ বিশেষ নজৰ দিছে জিলা প্রশাসনে। অৰুণাচললৈ গাহৰিৰ সৰবৰাহ বন্ধ কৰাৰ লগতে পঞ্জাব, হাৰিয়ানাৰ পৰা গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো বিশেষ সতর্কতা পালন কৰা হৈছে। আনহাতে, নিৰ্দেশনাত উল্লেখ কৰা মতে, কোনো ব্যক্তিয়ে এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২২৩ৰ অধীনত আইনী ব্যৱস্থা লোৱা হ’ব । ইয়াৰোপৰি ৰাইজে এই ক্ষেত্ৰত শুপালন বিভাগৰ হেল্পলাইন নম্বৰ ১৯৬২ আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৪-২৩৩১০০০ ত যোগাযোগ কৰিব পাৰিব বুলিও উল্লেখ কৰা আছে ৷