বিধানসভাত গৃহীত হ’ল ইউচিচি

বিধানসভাত গৃহীত হ’ল ইউচিচি

ৰঙিলী বাৰ্ত্তাসেৱা-অসমৰ ৰাজনৈতিক ইতিহাস তথা অসম বিধানসভাৰ মজিয়াত পুনৰ সূচনা হ’ল এক নতুন ইতিহাসৰ। দেশৰ তৃতীয়খন ৰাজ্য হিচাপে অসমত বুধবাৰৰ দিনটোত গৃহীত হয় সমৰূপ নাগৰিক সংহিতা, অসম-২০২৬ চমুকৈ ইউ চি চি। ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাৰ অধিকাৰৰ লগতে সকলো দিশৰ পৰা সুৰক্ষা নিশ্চিত কৰাৰ ৰক্ষাকৱচ হিচাপে চলিত ষষ্ঠদশ অসম বিধানসভাৰ অন্তিম দিনা বুধবাৰে সদনত শাসক পক্ষৰ সমৰ্থন আৰু বিৰোধী বিধায়কসকলৰ কেইবাটাও দিশত তীব্র বিৰোধিতা বিতর্ক আৰু বিক্ষোভৰ মাজতে ধ্বনি ভোটত সমৰূপ নাগৰিক সংহিতা, অসম-২৬ নামৰ বিধেয়কখন গৃহিত হয়। উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ হৈ সদনত এই গুৰুত্বপূৰ্ণ বিধেয়কখন উত্থাপন কৰিছিল মন্ত্রী অতুল বৰাই। বুধবাৰে মুখ্যমন্ত্রীৰ হৈ মন্ত্রী অতুল বৰাই বিধানসভাত ইউচিচি বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰাৰ পাছতে শাসক-বিৰোধী আলোচনাত মিলিত হয় । শাসকীয় পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ সমৰ্থনত যুক্তি দাঙি ধৰাৰ বিপৰীতে বিৰোধী পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ বিৰোধিতা কৰি যুক্তি আগবঢ়ায় । বিধেয়কখনৰ ওপৰত বিধানসভাত দীঘলীয়া আলোচনা হয় । বহু বাক-বিতণ্ডাৰ অন্তত বিধানসভাত ইউচিচি বিধেয়কখন গৃহীত কৰা হয় । সদনত মুখ্যমন্ত্রীয়ে ইউচিচি পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰে আৰু অধ্যক্ষই সমৰ্থনৰ আধাৰত বিধেয়কখন গৃহীত কৰে । লগে লগে শাসকীয় বিধায়কসকলে ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে সদন উত্তাল কৰি তোলে । বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰে যদিও সংখ্যাৰ বাবে বিধেয়কখন সদনত গৃহীত হয় । উল্লেখ্য যে, বুধবাৰে সদনত সমৰূপ নাগৰিক সংহিতা অসম, ২০২৬ বিধেয়ক চমুকৈ ইউচিচি গৃহীত হোৱাৰ লগে লগে বিধেয়কখন আইনত পৰিণত হ’ল । ইয়াৰ লগে লগে ইউচিচি প্ৰবৰ্তন কৰা উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসম তৃতীয়খন ৰাজ্যত পৰিগণিত হ’ল । ইয়াৰ পূৰ্বে সদনত ইউচিচি বিধেয়ক গৃহীত কৰাৰ বাবে উত্থাপন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- প্ৰতিগৰাকী নাৰীশক্তিক, প্ৰতিগৰাকী মাতৃক আৰু প্ৰতিগৰাকী কন্যাক মই সন্মান জনাইছোঁ। যি কাৰণতে নহওক কিয়, স্বাধীনতাৰ এক দীঘলীয়া সময়ৰ পাছতো ইউচিচি নথকাৰ বাবে অত্যন্ত দুখ-বেদনাৰে ভৰা জীৱন যিসকল যুৱতী-মহিলাই পাৰ কৰিলে, তেওঁলোকৰ দুখত আজি আমি সমভাগী হৈছোঁ। এগৰাকী নাৰীৰ যেতিয়া জীৱন্ত সত্তা নোহোৱা হৈ যায়, সমাজৰ অফুৰন্ত ক্ষতি হয়। এগৰাকী স্বামীয়ে যেতিয়া তৃতীয়গৰাকী বিবাহ কৰায়, প্রথমগৰাকী মাতৃয়ে ঘৰৰ পৰা ওলোৱা বাদ দিয়ে। আজি এই ইউনিফর্ম চিভিল কোড (ইউচিচি)ৰ দ্বাৰা সেইগৰাকী মাতৃলৈ শ্ৰদ্ধাঞ্জলি, যিগৰাকী মাতৃয়ে সমাজৰ পৰা বহু আঁতৰত থাকি নিজৰ দুখ আৰু দুৰ্দশাৰ জীৱন কটাইছিল। যিসকল ছোৱালীক ২১-২২ বছৰতে ৩-৪টা সন্তানৰ মাতৃত্ব ল’বলৈ বাধ্য কৰোৱা হয়, সেইসকল ভগ্নীলৈ এই ইউচিচি এক শ্রদ্ধাঞ্জলি। মাত্র তিনিটা শব্দ-তালাক তালাক তালাক, যাৰ জীৱনলৈ অন্ধকাৰৰ অমাৱস্যা নমাই আনে সেই মাতৃশক্তিৰ প্ৰতি ইউচিচি আমাৰ শ্রদ্ধাঞ্জলি। ইয়াৰ পূৰ্বে ইউচিচি বিধেয়কখন সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই বিৰোধী কংগ্ৰেছক তুলাধুনা দি কয়-কংগ্রেছে এতিয়া কেবল এটা বিশেষ ধর্মীয় গোষ্ঠীক প্রতিনিধিত্ব কৰে। কংগ্ৰেছৰ বিধায়কসকলে ইউচিচি প্রসংগত কোৰান-চৰিয়তৰ কথা কৈছে। কিন্তু এবাৰো তেওঁলোকৰ মুখত গীতা-ভাগৱতৰ কথা ওলোৱা নাই। অসম বিধানসভাত আহিবলগা দিনসমূহত জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ লোকসকলক কংগ্ৰেছে যে প্রতিনিধিত্ব নকৰে, সেয়া তেওঁলোকৰ বক্তব্যত স্পষ্ট হৈছে। লোকপ্রিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহ, তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া, ফখরুদ্দিন আলী আহমেদ এই আটাইবোৰে নেতৃত্ব দিয়া কংগ্ৰেছ দল কেতিয়াবা যে মাত্র এটা বিশেষ ধর্মক প্রতিনিধিত্ব কৰা মঞ্চলৈ ৰূপান্তৰ হ’ব সেয়া সঁচাকৈ আমাৰ বাবে দুঃখদায়ক ঘটনা। মুখ্যমন্ত্রীয়ে কয়- মই আশা প্রকাশ কৰিম, আমি যি ধর্মকেই প্রতিনিধিত্ব নকৰোঁ কিয়, আমাৰ বক্তব্যই সর্বধর্মক প্রতিনিধিত্ব কৰাৰ প্ৰয়োজন, সৰ্বসমাজক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন। ইউচিচিক লৈ কংগ্ৰেছৰ প্ৰতিজন বিধায়কে কেৱল কোৰান আৰু চৰিয়তৰ কথা ক’লে। এইখন ভাৰতত যদি কোৰানক আমি সন্মান কৰোঁ, একেজন ব্যক্তিয়ে বাইবেলকো সন্মান কৰে, ভাগৱত-গীতাকো সন্মান কৰে। মই ভাবোঁ, কংগ্রেছে নিজকে এটা সাম্প্রদায়িক দললৈ ৰূপান্তৰতি হোৱাৰ পৰিৱৰ্তে ভাৰতত ধৰ্মনিৰপেক্ষ চৰিত্ৰটো নিশ্চিতভাৱে পালন কৰিবলৈ চেষ্টা কৰিব। মোৰ ধৰ্ম ইছলাম হ’ব পাৰে, কিন্তু বিধানসভাত ইছলামক প্রতিনিধিত্ব নকৰোঁ, কেৱল গণতন্ত্ৰকহে প্রতিনিধিত্ব কৰোঁ। সদনত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ইউচিচিৰ এক সুদীর্ঘ ইতিহাস আছে। দেশৰ জনতাই এখন সমৰূপ নাগৰিক সংহিতাৰ কাৰণে ১৯২৫ চনৰ পৰাই কাম কৰি আহিছিল। তেতিয়া বিজেপি আৰু জনসংঘৰ জন্মই হোৱা নাছিল। অর্থাৎ সমান নাগৰিক সংহিতাৰ আহ্বান, প্রয়োজনীয়তা বিজেপি আৰু জনসংঘৰ বহু আগৰে পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভ কৰিছিল। ইউচিচিৰ দাবী উত্থাপন হৈছিল ভাৰতীয় কংগ্ৰেছৰ মঞ্চৰ পৰাই। এখন উমৈহতীয়া নাগৰিক সংহিতা অনাটো বিজেপি বা আৰএছএছৰ প্ৰচেষ্টা নহয়। ক’ৰবাত নহয় ক’ৰবাত জাতীয় কংগ্ৰেছৰ নেতাসকলে স্বাধীনতাৰ দোকমোকালিতে দেশত এখন ইউচিচিৰ সপোন দেখিছিল। কিন্তু দুর্ভাগ্যবশতঃ আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই, ড° ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই, চৰ্দাৰ বল্লভ ভাই পেটেলৰ কংগ্ৰেছ নাই, যাৰ কাৰণে কংগ্ৰেছে আজি ধৰ্মনিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে। আজি কংগ্রেছে কেৱল কোৰান আৰু চৰিয়তক প্রতিনিধিত্ব কৰিছে। কোৰান আৰু চৰিয়তক প্রতিনিধিত্ব কৰাৰ দায়িত্ব আছিল মুছলিম লীগৰ। কংগ্ৰেছৰ দায়িত্ব আছিল কংগ্রেছক প্রতিনিধিত্ব কৰা। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- ইউচিচিয়ে মুখ্যতঃ বিবাহ আৰু বিবাহ বিচ্ছেদৰ দিশটোক নিয়ন্ত্ৰণ কৰিব। ইউচিচিৰ জৰিয়তে উত্তৰাধিকাৰী সূত্রে সম্পত্তি লাভ কৰাৰ যি পৰম্পৰা তথা আইনী প্রক্রিয়া তাক সুচল কৰিব, লিভ-ইন ৰিলেচনশ্বিপৰ ব্যৱস্থাৰ গোটেইবিলাক দিশ সন্নিৱিষ্ট কৰা হৈছে। ইউচিচিৰ মূল উৎসটো হৈছে ভাৰতীয় সংবিধানৰ ৪৪নং অনুচ্ছেদ। অর্থাৎ ৪৪নং অনুচ্ছেদক আগত লৈয়েই ইউচিচি অনা হৈছে। এই বিধেয়কখনৰ জৰিয়তে ক’ব খোজা হৈছে যে আমাৰ ৰাজ্যখনত বাল্যবিবাহক স্বীকৃতি দিয়া নহ’ব। অর্থাৎ এগৰাকী ছোৱালীৰ বিয়াৰ বাবে ন্যূনতম বয়স হ’ব ১৮ বছৰ আৰু এজন ল’ৰাৰ বিবাহৰ বয়স হ’ব ২১ বছৰ। বিধেয়কখনৰ জৰিয়তে ধৰ্মনিৰপেক্ষ কেৱল এগৰাকী যুৱতীকহে বিয়া কৰোৱাৰ অধিকাৰ পাব। ইফালে সদনত ইউচিচিক বিৰোধিতা কৰি কংগ্ৰেছৰ বিধায়িকা বেবী বেগমে দিয়া বক্তব্যক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রীয়ে সদনত কয়- কোনোবাই যেতিয়া কয়- ডাঙৰজনী পত্নীৰ বেমাৰ হ’লে দ্বিতীয় এগৰাকী বিয়া কৰোৱাৰ অনুমতি দিব লাগে, তাতকৈ দুর্ভাগ্যজনক বিষয় একোৱেই হ’ব নোৱাৰে। এগৰাকী মহিলাক এজন পুৰুষে ঈশ্বৰক সাক্ষী কৰি বিয়া কৰাই লৈ অহাৰ পিছত যদি পত্নীগৰাকী দুর্ঘটনাত পতিত হৈ হাত আৰু ভৰি চিৰদিনৰ বাবে ঘুণীয়া হয়, তেন্তে দ্বিতীয়গৰাকী বিয়া কৰাব নেকি? ইয়াতকৈ দুর্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আন কি হ’ব পাৰে? যদি এগৰাকী বিধায়িকাই পত্নীৰ বেমাৰৰ বাবে আন এগৰাকী বিয়া কৰোৱাৰ কথা ক’ব পাৰে, মই ভাবোঁ সভ্য সমাজত ইয়াতকৈ দুর্ভাগ্যজনক কথা আন একো হ’ব নোৱাৰে। হিন্দু ধর্ম অনুসৰি আমাৰ সভ্যতাই শিকায় পত্নী আৰু পুৰুষৰ সম্পৰ্ক বহু জনমৰ পৰা নিৰ্ধাৰিত হৈ আহে। ইফালে আজি সদনত ইউচিচি গৃহীত হোৱাৰ পাছতে সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছে যে সমনাগৰিক সংহিতা কেৱল এক ৰাজনৈতিক বিতর্ক হৈ আছিল কিছু দশক আগলৈকে। কিন্তু আজি অসমে এই চিন্তাধাৰাক বাস্তৱ ৰূপ দিলে। সংবিধানৰ অনুচ্ছেদ ৪৪-এ যি সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ সপোন দেখুৱাইছিল, অসম সমনাগৰিক সংহিতাৰ সেই সপোন বাস্তৱৰ দিশত এক ঐতিহাসিক পদক্ষেপ। এই আইন আমাৰ আদর্শ, আমাৰ প্ৰতিশ্রুতি আৰু এখন অধিক ন্যায়ভিত্তিক সমাজ গঢ়াৰ অংগীকাৰৰ এক সুস্পষ্ট প্রতিফলন। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰিছে যে এই আইন কোনো ধৰ্মৰ বিৰুদ্ধে নহয়, কোনো সম্প্ৰদায়ৰ অধিকাৰ হননৰ প্ৰয়াসো নহয়। বৰং এই আইনে নিশ্চিত কৰিব বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ-পোষণ আদি চিন্তনীয় বিষয়ত সকলো নাগৰিকৰ আইনৰ দৃষ্টি সমমর্যাদা লাভ। মন কৰিবলগীয়া যে আজি বিধানসভাত গৃহীত হোৱা সমৰূপ নাগৰিক সংহিতা বিধেয়কে বিবাহৰ বিধান হিচাপে সকলো বিবাহ পঞ্জীয়ন হোৱাটো বাধ্যতামূলক কৰিছে। তদুপৰি বিবাহৰ সময়ত যুৱক অথবা যুৱতীগৰাকীৰ জীৱিত স্বামী অথবা পত্নী থাকিব নোৱাৰিব। একেদৰে ত্ৰিপল তালাক ইয়াৰ জৰিয়তে নিষিদ্ধ কৰা হৈছে। অর্থাৎ তাৎক্ষণিক ত্রিপল তালাক বৈধ নহ’ব। কেৱল আদালতৰ জৰিয়তেহে বিবাহ বিচ্ছেদ কার্যকৰী হ’ব। স্বামী বা পত্নীয়ে আনজনৰ পৰা ভৰণ-পোষণৰ দাবী কৰিব পাৰিব।