(এক মিনিটৰ গল্প) #দু:সহ# – কৌশল্যা বৰা 

pc isha.sadhguru

(এক মিনিটৰ গল্প) #দু:সহ#

-কৌশল্যা বৰা

আৱেগ, অনুভূতিবোৰৰো সুকীয়া একোটা জীৱন আছে, স্পৰ্শানুভূতি আছে,কাহিনী থাকে। জীৱনক কেতিয়াবা কিছুমান অবাঞ্ছিত মুহুর্তই ক্ষোভ, হতাশা, ক্ৰোধৰ অগ্নিশাল যেন কৰি তোলে। সেই কথাকে প্ৰমাণ কৰিবলৈ নিলি এ কাণৰ কাষত ম’বাইলটো লৈ খুউব সন্তৰ্পণে কাৰোবাৰ সতে বাৰ্তালাপ কৰিছে। আবেগ ঢালি বুকুত থুপ খাই থকা কথাবোৰ ৰবিৰ অগোচৰে কাৰোবাক কবৰ যত্ন কৰিছে। আন্তৰিক বাৰ্তালাপৰ আগ্রহত যেন কাৰো উপস্থিতি তাই গম পোৱা নাই। কাষৰ কোঠাৰ পৰা শুনি থাকি কেইবাবাৰো ৰবিয়ে অস্বস্তিৰে ইফালে সিফালে অহা-যোৱা কৰিলে। শেষত তাইৰ কথনভঙ্গীৰ ৰেহ্-ৰূপ সহ্য কৰিব নোৱাৰি খঙত বাহত কণী-ভগা শালিকী জনীৰ দৰে অস্থিৰ হৈ দাঁত কৰছি ৰবি তাইৰ ফালে চোঁচা মাৰি আহি ক’লে–‘তোমাৰ ম’বাইল মই থেকেচি ভাঙিম এতিয়া। কিহৰ ইমান প্ৰেমালাপ? ‘। নিলিয়ে লগে লগে ফোনটো ৰবিলৈ আগবঢ়াই দি ক’লে-” তুমি সেইদিনা ছাঁদৰ ওপৰত খুউব সতৰ্ক হৈ কোনোবা ৰুমিলৈ ফোনত পতা গোপন কথাখিনি মই পিছতে ৰৈ শুনি আছিলোঁ । আৰু বিয়াৰ পাছতেযে কৈছিলা, ‘-আমাৰ দুয়োৰে আবেগ, অনুভূতি, ভাব -চিন্তা সদায় একে হ’ব আৰু আমি দুয়ো অভিন্ন…। ‘ সেইকথাকে প্ৰমাণ চাবলৈ মই এইয়া অভিনয় হে কৰিছিলোঁ। আচলতে মই কালৈকো ফোন কৰা নাছিলোঁ। ব্যংগ হাঁহি এটা মাৰি নিলিয়ে ৰবিৰ ফালে এখোঁজ আগবাঢ়ি গৈ ক’লে ,-‘ আজিহে ভালকৈ বুজিলোঁ পতি-পত্নীৰ আবেগ-অনুভূতি বোৰ সঁচাকৈয়ে এশ শতাংশই অভিন্ন নহয়নে—! ‘ মনত ৰাখিবা বিষ গ্ৰহণ কৰা শৰীৰে যিকোনো বিষ প্ৰতিহত কৰাৰ ক্ষমতাও আহৰণ কৰে।”
###