একাংশ লোকে আদালতৰ প্রক্রিয়াটো ব্যাহত হোৱা বিচাৰিছেঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ন্যায়ক লৈ চলি থকা আইনী প্রক্রিয়াৰ সন্দৰ্ভত একাংশই তোলা প্রশ্নক লৈ প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এচাম লোকে আদালত আৰু বিচাৰপীঠক লক্ষ্য কৰি লৈ চলি থকা ন্যায়িক প্ৰক্ৰিয়াটো ব্যাহত কৰিব বিচাৰিছে। সংগীত সম্ৰাট জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সন্দৰ্ভত চলি থকা প্ৰতিবাদ আৰু আদালতৰ শেহতীয়া কাৰ্যপন্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই মন্তব্য কৰে। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত দুজন অভিযুক্তই জামিন লাভ কৰাৰ পাছত সামাজিক মাধ্যমত একাংশই ন্যায় প্রক্রিয়াক লৈ তোলা প্রশ্নই যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- এই সন্দর্ভত মই একোৱে ক’ব বিচৰা নাই। কাৰণ, বিষয়টো এতিয়াও আদালতত আছে। যিচাম মানুহে ভাবে যে আদালতৰ মনটো বেয়া হৈ যাওক, ন্যায় প্রক্রিয়া সম্পূর্ণরূপে ব্যাহত হৈ যাওক, তেওঁলোকে ন্যায়ালয়খনক লক্ষ্য কৰি কথা-বতৰা কোৱা আৰম্ভ কৰিছে। ইয়াৰ পৰা একো লাভ নহয়। মুখ্যমন্ত্রীয়ে কয়- ইয়াৰ ফলত এইটোৱে হ’ব যে বিচাৰপতিজনৰ মনত খং উঠিব, বেয়া পাব আৰু এটা অসন্তুষ্টি মনেৰে বিচাৰ প্রক্রিয়া শুনিব, যি আমাৰ কাৰণে ভাল নহয়। এচাম লোকে প্রথম দিনৰ পৰাই এই কামটোত ব্যস্ত হৈ আছে। এই বিষয়টো ৰাইজে দেখাও পাই আছে।
