অগৰু চিপছ ডুবাইলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পৰা ডুবাইলৈ শুভাৰম্ভ হ’ল অগৰু কাঠৰ চিপছ ৰপ্তানি প্ৰক্ৰিয়া । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে লোকসেৱা ভৱনৰ সন্মুখত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে এই ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ‘এক জিলা এক উৎপাদিত সামগ্রী’ পদক্ষেপৰ অধীনত গোলাঘাট জিলাত উৎপাদিত ১২৩ কিলোগ্রাম অগৰু চিপছ এমজেআই গ্রুপে ৰপ্তানিৰ বাবে প্ৰেৰণ কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই তিনিগৰাকী অগৰু কৃষকক চেক প্রদান কৰে। অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত প্রায় ১২ কোটি অগৰু গছ আছে আৰু এই বৃহৎপৰিমাণৰ অগৰু গছৰ লগত ৫০ হাজাৰ কৃষক জড়িত হৈ আছে। সমগ্ৰ দেশৰ ৮১ শতাংশ অগৰু গছ কেৱল অসমতে আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰপ্তানিৰ ক্ষেত্ৰত বা বৈদেশিক মুদ্রা আহৰণৰ দিশত অগৰু খেতিয়ে বিপুল সম্ভাৱনা বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰক ৰপ্তানি কৰিব পৰা বিমানবন্দৰৰ স্বীকৃতি দিয়াৰ বাবে চৰকাৰে চেষ্টা কৰি আছে। বিমানবন্দৰটোৱে ৰপ্তানি কেন্দ্ৰৰ স্বীকৃতি লাভ কৰিলে অসমৰ পৰা অগৰু পোনে পোনে বিদেশলৈ ৰপ্তানি কৰিব পৰা যাব আৰু ইয়াৰ ফলত কৃষকসকল অধিক উপকৃত হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে অগৰু খেতিক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠন কৰি দিছে। কৃষি, উদ্যোগ আৰু বন বিভাগে এইক্ষেত্রত কাম কৰি আছে। অগৰু খেতিক গোলাঘাট জিলাৰ ‘এক জিলা এক উৎপাদিত সামগ্ৰী’ পদক্ষেপৰ অধীনত নির্বাচিত কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে জিলাখনৰ খিলঞ্জীয়া কৃষকসকলে অগৰু খেতি কৰে। কিন্তু উৎপাদিত অগৰুৰ উচিত মূল্য তেওঁলোকে লাভ কৰা নাছিল। শেহতীয়াকৈ এমজেআই গ্রুপে ডিবিটিযোগে কৃষকক উৎপাদিত অগৰুৰ মূল্য প্রদানৰ পদক্ষেপ লৈছে। দ্বিতীয়বাৰৰ বাবে এনেদৰে বিদেশলৈ অগৰু চিপছ প্ৰেৰণ কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অগৰু খেতিৰ জৰিয়তে অসমে আন এক পৰিচয় লাভ কৰিব আৰু ৰপ্তানিৰ এক ডাঙৰ সম্ভাৱনা সৃষ্টি হ’ব বুলি আশা প্রকাশ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, অসম চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া আৰু এমজেআই গ্ৰুপৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
