নৱেম্বৰত ঘোষণা কৰা হ’ব মেট্রিক পৰীক্ষা সময়সূচী

নৱেম্বৰত ঘোষণা কৰা হ’ব মেট্রিক পৰীক্ষা সময়সূচী

ৰঙিলী বাৰ্ত্তাসেৱা- মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ ছাত্ৰী সকলৰ বাবে অৱশেষত ভাল খবৰ দিলেমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী অহা নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব। মুখ্যমন্ত্ৰীৰ ঘোষণা, ‘‘অহা মাহত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ সূচী, ফেব্ৰুৱাৰী বা মাৰ্চৰ প্ৰথম সপ্তাহত হ’ব পৰীক্ষা।’’ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত মাঝিগাঁও আঞ্চলিক সার্বজনীন লক্ষ্মীপূজাত ভাগ ল’বলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে একাংশ শিক্ষার্থীৰ সৈতে কৰা বাৰ্তালাপৰ সময়তে এই ভাল খবৰ প্ৰকাশ কৰে।  এই অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰীৰ কাষলৈ আহিল দুই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ। ইয়াৰে এজনৰ ছাত্ৰই মুখ্যমন্ত্ৰীক সুধিলে ‘‘মামা পৰীক্ষা কেতিয়া হ’ব।’’ লগে লগে ছাত্ৰগৰাকীৰ গাত হাত থৈ মুখ্যমন্ত্ৰীয়ে ক’লে, ‘‘অহা মাহত সূচী প্ৰকাশ পাব আৰু ফেব্ৰুৱাৰী বা মাৰ্চত পৰীক্ষা হ’ব’’। ছাত্ৰ দুজনৰ সৈতে কিছু ধেমালিও কৰিলে মুখ্যমন্ত্ৰীয়ে । ছাত্ৰ দুজনে মুখ্যমন্ত্ৰীক আহ্বান জনালে ইংৰাজী আৰু সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত সহজ কৰি দিবলৈ। মুখ্যমন্ত্ৰীয়েও দুয়োজন ছাত্ৰক আশ্বাস দিলে ‘‘এবাৰ তোৰ কাৰণে ইংৰাজী আৰু এবাৰ তোৰ কাৰণে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত সহজ কৰি দিম দে।’’