একবিংশ শতিকাত সভ্য বুলি দাবী কৰা মানুহৰ মাজত নৃশংসতাৰ শেষ কেতিয়া ….- মানসী মিশ্ৰ

Pc the indian express

(চিন্তামণি ৰ চিন্তা)

একবিংশ শতিকাত সভ্য বুলি দাবী কৰা মানুহৰ মাজত নৃশংসতাৰ শেষ কেতিয়া ….

মানসী মিশ্ৰ

এখন হাঁহিৰে উপচি থকা মুখ। এক তেইশ বছৰীয়া দগমগ যৌৱন ,এক সমুখৰ সম্ভাৱনা যাৰ নাম অনিমেশ ভূঞা । অকাল মৃত্যু হল এক প্ৰতিভাৰ, অকালতে মৰহি যাবলগীয়া হল সমুখৰ এক সম্ভাৱনা । ভাবিব ও নোৱাৰি দেখোন এই একবিংশ শতিকাত নিজক সভ্য মানুহ বুলি দাবী কৰি অহা আধুনিক যুগৰ মানুহৰ মাজত এনে নৃশংসতা। পৰিয়ালৰ মুখলৈ চাব নোৱাৰি তেওঁ লোকৰ সুন্দৰ সুঠাম পুত্ৰ ৰ মৃত্যুত , তেওঁলোকৰ মনৰ বেদনা ক ভাষাৰে বুজাব নোৱাৰি । পৰোপকাৰী , নম্ৰ বিনয়ী , ঘৰৰ পৰা হাঁহি হাঁহি ওলাই যোৱা নিজ পুত্ৰ ৰ অকাল মৃত্যু ক কোন সতে মানি লয় বাৰু পিতৃ , মাতৃ আৰু পৰিয়ালৰ লোক সকল ।যিটো পৰিয়ালত সংঘটিত হয় এনে ঘটনা , তেওঁ লোকেহে উপলব্ধি কৰিব পাৰে ইয়াৰ মৰ্ম বেদনা কিমান বেদনা দায়ক।

অতি চিন্তনীয় ৰে সমাজত অতি ভয়াবহ‌হাৰত বাঢ়িছে বিভিন্ন সামাজিক অপৰাধৰ ঘটনা ।প্ৰায় প্ৰতিটো দিনতেই এনে হত্যা , হিংসা , অপহৰণ লুণ্ঠন ৰ ঘটনা সংঘটিত হৈ আছে বুলি কলেও ভুল কৰা নহব ।বিশেষকৈ বিগত তিনি চাৰি বছৰ ধৰি আমাৰ ৰাজ্যত অতি ভয়াবহ হাৰত দলবদ্ধ‌ হত্যা কাণ্ড বৃদ্ধি পাইছে। যুৱ সমাজ ৰ মাজত অপৰাধ প্ৰবণতা অতি ভয়াবহ হাৰত বৃদ্ধি পোৱাটো সঁচাকৈয়ে সমাজ স্খলন আগজাননী । মাদক দ্ৰব্যৰ অবাধ ব্যৱহাৰ , ড্ৰাগছ ৰ প্ৰয়োগ, আজৰি সম়খিনি ৰ অপ প্ৰয়োগ , সহজ লভ্য ধনৰ ব্যৱহাৰ আদি ইয়াৰ অন্যতম কাৰণ হিচাপে ধৰিব পাৰি ।

এনেদৰে প্ৰায় প্ৰতিটো দিনতে এনে ঘটনা ঘটিয়ে আছে কিন্তু এইসমূহ সমাধান নিৰ্মূল হে কৰিব পৰা নাই ।এয়া আমাৰ সমাজৰ বাবে খুবেই চিন্তনীয় হৈ পৰিছে ঘটনাটো ঘটাৰ কেইদিন মানলৈ সকলো ফালে প্ৰতিবাদ হয়। হত্যা কাৰী ৰ দৃষ্টান্তমূলক শাস্তি হ’ব লাগে , ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ’ব লাগে বুলি সকলোৱে প্ৰতিবাদ ৰে ।কিন্তু কিছুদিন পিছতে সকলো nital মাৰে ।আকৌ মানুহে লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰে । সময়ত লাহে লাহে সকলো সহজ হবলৈ ধৰে । কেৱল মাথো সেই বেদনা চিৰদিনলৈ ৰৈ যায় নিজৰ পৰিয়ালটোৰ মাজত।সেইবাবে কেৱল মৌখিক প্ৰতিবাদ সাব্যস্ত কৰি সকলো সমস্যা সমাধান কৰিব নোৱাৰি । আমাৰ ৰাজ্য ৰ আইনী ব্যৱস্থা টো অতি খৰতকীয়া, ক্ষীপ্ৰ কৰিব নোৱাৰি ৰে সমস্যা সমূহৰ সমাধান কৰিব নোৱাৰি আইনী ব্যৱস্থা ত লেহেমীয়া গতিত অধিক সক্ৰিয় আৰু গতিশীল কৰিব লাগিব। উদাহৰণ স্বৰূপে বিগত বৰ্ষ সমূহত হৈ যোৱা অভি নীল ৰ বৰ্বৰ হত্যাকাণ্ড,যোৰহাটৰ টোক মানৱদৰদী চিকিৎসক ৰ হত্যা কাণ্ড ৰ তিনি চাৰি বছৰ পিছতো কোনো বিচাৰ লাভ নকৰাটো অতি পৰিতাপৰ কথা ।

চৰকাৰে এই বিষয়টো খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰক।কেৱল এগৰাকী জনপ্ৰতিনিধি ভুক্তভোগী পৰিয়াল টোলৈ পঠিয়াই এককালীন সাহায্য এটা প্ৰদান কৰিলে সমস্যা টোৰ সমাধান নহয় ।টকাৰে মানুহৰড়জীৱনৰ মূল্য ক জুখিব নোৱাৰে । সেইহে চৰকাৰে বিষয় টো অধিক গুৰুত্বসহকাৰে গ্ৰহণ কৰক ।আইনী ব্যৱস্থা ক্ষীপ্ৰ কৰি ফাৰ্ষ্ট ট্ৰেক আদালত ৰ যোগেদি বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰক । হত্যা কাৰী ক আইনৰ সুৰুঙাৰে পাৰি যাবলৈ নিদি দৃষ্টান্ত মূলক শাস্তি দিয়ক । ন্যায় বিভাগ আৰু আৰক্ষী বিভাগ দুটা অধিক সক্ৰিয় আৰু গতিশীল কৰক।আজিৰ সমাজৰ পৰিবেশ ৰ লগত খাপ খুৱাই আৰক্ষী বিভাগৰ আন্ত গাঁথনি উন্নত কৰক আৰু আৰক্ষী ৰ লোকসকল ৰ বাবে উন্নত প্ৰশিক্ষণ ৰ ব্যব্স্থা কৰক। বিশেষকৈ দলবদ্ধ হত্যা ৰ বিৰুদ্ধে যুঁজিবলৈ আজিলৈকে আমাৰ মাজত এখন নিৰ্দিষ্ট আইন নাই ।গতিকে এই ক্ষেত্ৰত চৰকাৰে দলকত হত্যা ৰ বিৰুদ্ধে যুঁজিবলৈ এখন নতুন আইন কঠোৰ ভাবে বলবৎ কৰি সকলো শ্ৰেণী ৰ লোক r মাজতে সজাগতা প্ৰদান কৰিব লাগে ।

চৰকাৰে কৰিব বিচাৰিলে কৰিব নোৱাৰা কাম নাই ্।গতিকে এই কামখিনি চৰকাৰে তাৎক্ষণিকভাৱে কৰিব লাগে ।এইখন চৰকাৰৰ ওপৰত আমি আশাবাদী ।আমি আশাকৰোঁ। চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ খুবসোনকালে কাৰ্য্যত পৰিণত কৰিবলৈ আগবাঢ়ক ।ইয়াত আমাৰ ৰাইজৰো উৎসাহ আৰু সহযোগিতা থাকিব লাগিব ।অতি কম সময়ৰ ভিতৰতে অনিমেষৰ হত্যাকাৰী ক দৃষ্টান্ত মূলক শাস্তি দিব পাৰিলে সেয়াহে হ’ব তেওঁ ৰ আত্মা ৰ প্ৰতি আমাৰ সকলোৰে প্ৰকৃত শ্ৰদ্ধাঞ্জলি ।