এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰি

Pc CNA

এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰি

ৰঙিলী বাৰ্ত্তাসেৱা-  এইবাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰি। স্বাস্থ্য প্রশিক্ষক, নিম্নবৰ্গৰ সহায়ক, এম পি ডব্লিউ, ফাৰ্মাচিষ্ট, ৰেডিঅ’গ্ৰাফাৰ, লেপ্ৰচি পৰীক্ষক, লেভৰেটৰী টেকনিচিয়ান আদি বিভিন্ন পদৰ ৯১টা পদৰ নিয়োগক লৈ কেলেংকাৰিৰ অভিযোগ উত্থাপন হৈছে।বিগত দিনত কংগ্ৰেছ চৰকাৰৰ দিনত বিজ্ঞাপন, সাক্ষাৎকাৰ, নিযুক্তি পত্ৰৰ অবিহনে কেৱল বদলিকৰণৰ কাগজৰ ভিত্তিত এইসকল কৰ্মচাৰীয়ে নিয়োগ লাভ কৰি বছৰ বছৰ ধৰি চৰকাৰী দৰমহা ভোগ কৰি অহাৰ সন্দেহ কৰা হৈছে।শিৱসাগৰৰ এগৰাকী আৰ টি আই কৰ্মীৰ আৱেদনত শিৱসাগৰ জিলাত স্বাস্থ্য বিভাগৰ এনে সংঘটিত হোৱাৰ তথ্য উন্মোচন হৈছিল। যাৰ বাবে এতিয়া স্বাস্থ্য সঞ্চালকালয়ে এনে নিয়োগৰ তদন্ত ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে।অৱশ্যে বিষয় সন্দৰ্ভত শিৱসাগৰ স্বাস্থ্য বিভাগে কোনো মত প্ৰকাশ কৰাৰ পৰা বিৰত আছে যদিও পৰৱৰ্তী সময়ত বিষয় সন্দৰ্ভত স্থিতি মুকলি কৰাৰ সম্ভাৱনা আছে।ইতিমধ্যে স্বাস্থ্য সঞ্চালকালয়ৰ নিৰ্দেশত শিৱসাগৰ JTDHS/Enquiry/RTI/2022/03-08/03/08/22 যোগে গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকালয়লৈ প্ৰেৰণ কৰা ৯১জন কৰ্মচাৰীক ১২ আগষ্টৰ ভিতৰত তেওঁলোকৰ নিয়োগৰ সকলো তথ্য তথা যাৱতীয় প্ৰতিলিপি প্রদানৰ নিৰ্দেশ দিছে।বিভাগীয় তথ্যসমূহ শিৱসাগৰৰ স্বাস্থ্য বিভাগে বিশেষ তদন্তৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।