গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাক অপসাৰণ

pc ETV Bharat

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাক অপসাৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাল কামত আদৰ নাই চৰকাৰী বিষয়াৰ।ভাল কাম কৰি,দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি ৰাইজৰ প্ৰশংসা লাভ কৰিলেই চৰকাৰ,মন্ত্ৰীৰ ৰোষত পৰে নিষ্ঠাবান চৰকাৰী বিষয়া।গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাক অপসাৰণ কৰা হৈছে।পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাক অপসাৰণৰ নিৰ্দেশ দিছপুৰৰ।অৱশেষত দেৱাশীষ শৰ্মাৰ অপসাৰণৰ ফাইলত দিছপুৰে মাৰিলে মোহৰ।গুৱাহাটীৰ নলা-নৰ্দমা নিষ্কাশনত কঠোৰ পদক্ষেপ লৈছিল দেৱাশীষ শৰ্মাই।গাফিলতি কৰা ঠিকাদাৰৰ বিৰুদ্ধে লৈছিল কঠোৰ ব্যৱস্থা।একাংশ ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটোৱেই আয়ুক্তগৰাকীৰ বাবে কাল হ’ল বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে।শেহতীয়াকৈ গুৱাহাটী মহানগৰৰ জাৱৰ নিষ্কাশনৰ সন্দৰ্ভত ঠিকা আৱন্তনত সংঘটিত হৈছিল দুৰ্নীতি।এই সন্দৰ্ভত দেৱাশীষ শৰ্মাই লৈছিল কঠোৰ স্থিতি। উল্লেখযোগ্য যে,কেইদিনমানৰ পূৰ্বে ফটাশীল আমবাৰীত মন্ত্ৰী অশোক সিংঘালে আয়ুক্তগৰাকীক ৰাজহুৱাকৈ দিছিল ধমক।সেই ঘটনাক লৈও বহুতেই সামাজিক মাধ্যমত ৰাজহুৱাকৈ কৰিছিল মন্তব্য।কিন্তু এগৰাকী দক্ষ বিষয়াক এনেদৰে অপসাৰণ কৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।