এক আলোকপাত
উদিয়মান লেখক-লেখিকাৰ প্ৰতি বাতৰি কাকতৰ অৱদান
শংকৰ দেৱ, দেৰগাঁও
সাহিত্য এটা জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ প্ৰতিচ্ছবি। সাহিত্যৰ মাজেৰেই এখন সমাজৰ চিন্তা-চৰ্চা, আশা-আকাংক্ষা, সুখ-দুখ আৰু জীৱনবোধ প্ৰতিফলিত হয়। সাহিত্যৰ এই বিশাল জগতখনক সমৃদ্ধ কৰি ৰখাত যিসকল লেখক-লেখিকাই ভূমিকা পালন কৰে, তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত বাতৰি কাকতৰ অৱদান অতুলনীয়। বিশেষকৈ উদীয়মান বা নৱীন লেখক-লেখিকা সকলৰ বাবে বাতৰি কাকত হৈছে প্ৰতিভা বিকাশৰ প্ৰথম পাঠশালা, আত্মপ্ৰকাশৰ প্ৰথম মঞ্চ আৰু সাহিত্যিক জীৱনৰ প্ৰথম খোজ। ই তেওঁলোকক সাহিত্য জগতত প্ৰতিষ্ঠা লাভ কৰাত প্ৰেৰণা যোগায়।
বৰ্তমান তথ্য-প্ৰযুক্তিৰ যুগত সামাজিক মাধ্যম তথা বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ ব্যাপক প্ৰসাৰ ঘটিলেও বাতৰি কাকতৰ সাহিত্য পৃষ্ঠাৰ জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা এতিয়াও অটুট হৈয়েই আছে। কিয়নো বাতৰি কাকতত প্ৰকাশিত লেখা কেৱল প্ৰকাশেই নহয়, ই এক সামাজিক স্বীকৃতিৰো এক জীৱন্ত প্ৰতীক। এজন নতুন লেখক বা লেখিকাৰ বাবে নিজৰ সৃষ্টিক পাঠকৰ সন্মুখলৈ অনাটো সহজ কাম নহয়। সাহিত্যৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰিবলৈ প্ৰথমে প্ৰয়োজন হয় এটা উপযুক্ত মঞ্চৰ। বাতৰি কাকতে সেই মঞ্চখন যুগ যুগ ধৰি আগবঢ়াই আহিছে।
অসমৰ বিভিন্ন দৈনিক আৰু সাপ্তাহিক কাকতৰ দেওবৰীয়া সাহিত্য পৰিপূৰিকা, বিশেষ সংখ্যা আৰু সাহিত্য পৃষ্ঠাসমূহে নতুন লিখকসকলক গল্প, কবিতা, প্ৰবন্ধ, অনুগল্প, ভ্ৰমণ কাহিনী, স্মৃতিকথা, শিশু সাহিত্য আদি প্ৰকাশৰ সুযোগ প্ৰদান কৰে। কোনো ধৰণৰ আৰ্থিক ব্যয় নোহোৱাকৈ নিজৰ লিখনী হাজাৰ হাজাৰ পাঠকৰ ওচৰলৈ লৈ যাব পৰাটো নৱীন লেখকসকলৰ বাবে এক অমূল্য সুবিধা।
মানুহৰ যিকোনো প্ৰতিভা বিকাশৰ বাবে উৎসাহ আৰু স্বীকৃতিৰ বিশেষ প্ৰয়োজন। বাতৰি কাকতত নিজৰ নাম আৰু লেখা প্ৰকাশ হোৱা দেখিলে নতুন লেখকসকলৰ মনত এক অপাৰ আনন্দ আৰু গৌৰৱৰ অনুভূতি জাগে। এই অনুভূতিয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ লগতে নতুন উদ্যমেৰে লিখিবলৈ অনুপ্ৰাণিত কৰে। এই প্ৰথম প্ৰকাশিত লিখনীটোৱেই ভৱিষ্যতৰ সফল সাহিত্যিকৰ জন্ম দিব পাৰে।
বহু সময়ত এজন লেখকৰ ভিতৰত সুপ্ত হৈ থকা প্ৰতিভাক জাগ্ৰত কৰাৰ ক্ষেত্ৰত বাতৰি কাকতৰ এই স্বীকৃতিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পাঠকৰ ইতিবাচক সঁহাৰি আৰু সম্পাদকৰ উৎসাহে তেওঁলোকক অধিক অধ্যয়নশীল, সৃজনশীল আৰু দায়িত্বশীল লিখক হিচাপে গঢ়ি তোলাত সহায়ক হয়।
বাতৰি কাকত কেৱল সাহিত্য প্ৰকাশৰ মাধ্যমেই নহয়, ই সমাজৰ এক জীৱন্ত দাপোন বুলি অভিহিত কৰা হয়। সমাজৰ বিভিন্ন সমস্যা, শিক্ষা, স্বাস্থ্য, পৰিৱেশ সংৰক্ষণ, নাৰী সশক্তিকৰণ, যুৱ সমাজৰ সংকট, সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় চেতনাৰ দৰে বিষয়সমূহৰ ওপৰত লিখিবলৈ উৎসাহিত কৰি বাতৰি কাকতে নৱীন লেখকসকলৰ মাজত সামাজিক দায়বদ্ধতা বৃদ্ধি কৰে , যাৰ ফলত লেখকসকলে কেৱল কল্পনাৰ জগততেই সীমাবদ্ধ নাথাকি বাস্তৱ সমাজৰ সমস্যাসমূহৰ প্ৰতিও সজাগ হৈ উঠে। সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁলোকৰ লিখনী এক শক্তিশালী অস্ত্ৰ হিচাপে পৰিগণিত হয়।
নিয়মিত লিখা আৰু প্ৰকাশৰ ফলত নৱীন লেখকসকলৰ ভাষাজ্ঞান ক্ৰমাৎ উন্নত হয়। বাতৰি কাকতৰ সম্পাদনা বিভাগে লেখাসমূহ পৰীক্ষা কৰি প্ৰয়োজনীয় সংশোধন কৰাৰ ফলত লিখকসকলে ভাষাৰ শুদ্ধ ব্যৱহাৰ, ব্যাকৰণগত শৃংখলা আৰু প্ৰকাশভংগীৰ বিষয়ে জ্ঞান আহৰণ কৰে। ইয়াৰোপৰি একেখন কাকততে প্ৰকাশিত অভিজ্ঞ সাহিত্যিকসকলৰ লেখা অধ্যয়ন কৰি নৱীনসকলে নতুন চিন্তাধাৰা, সাহিত্যিক কৌশল, শব্দচয়ন আৰু ভাষাশৈলীৰ সৈতে পৰিচিত হয়। ফলস্বৰূপে তেওঁলোকৰ সাহিত্যিক দক্ষতা ক্ৰমান্বয়ে বিকশিত হ’বলৈ ধৰে।
বাতৰি কাকতৰ অন্যতম বিশেষত্ব হৈছে ইয়াৰ বিস্তৃত পাঠকগোষ্ঠী। গাঁও, চহৰ, শিক্ষানুষ্ঠান, কাৰ্যালয় বা ৰাজহুৱা স্থান—সকলোতে বাতৰি কাকতৰ উপস্থিতি দেখা যায়। ফলত উদীয়মান লেখকসকলৰ লিখনী এক বৃহৎ পাঠকসমাজৰ ওচৰলৈ সহজে যাবলৈ সক্ষম হয ।
পাঠকৰ পৰা লাভ কৰা মতামত, পৰামৰ্শ আৰু গঠনমূলক সমালোচনাই এজন লেখকক নিজৰ সীমাবদ্ধতা চিনাক্ত কৰাত সহায় কৰে। আনহাতে, প্ৰশংসা আৰু স্বীকৃতিয়ে তেওঁলোকৰ সাহিত্যিক যাত্ৰাক অধিক শক্তিশালী কৰি তোলে। এইদৰে বাতৰি কাকতে লিখক আৰু পাঠকৰ মাজত এক সুস্থ সাহিত্যিক সম্পৰ্ক গঢ়ি তোলে।
বাতৰি কাকতত নিয়মীয়াকৈ লিখাৰ ফলত নৱীন লেখকসকলৰ এক স্বকীয় পৰিচয় গঢ় লৈ উঠে। পাঠকসমাজে তেওঁলোকক চিনি পাবলৈ আৰম্ভ কৰে। ক্ৰমে তেওঁলোকে সাহিত্য সভা-সমিতি, আলোচনী, সাহিত্য অনুষ্ঠান আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। যদি এই মঞ্চখন নাথাকিলহেঁতেন, তেন্তে বহু প্ৰতিভাৱান লেখক-লেখিকা হয়তো পাঠকৰ দৃষ্টিৰ অগোচৰেই ৰৈ গ’লহেঁতেন। বাতৰি কাকতে সেই লুকাই থকা প্ৰতিভাবোৰ বিচাৰি উলিয়াই সমাজৰ সন্মুখলৈ আনে।
বৰ্তমান সময়ত অধিকাংশ বাতৰি কাকতেই ছপা সংস্কৰণৰ লগতে ই-পেপাৰ আৰু অনলাইন সংস্কৰণ প্ৰকাশ কৰে। ফলত উদীয়মান লেখকসকলৰ লিখনী কেৱল স্থানীয় পাঠকৰ মাজতেই সীমাবদ্ধ নাথাকি বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া পাঠকেও পঢ়িবলৈ সুবিধা পায় ।
সাহিত্য আৰু সমাজৰ সম্পৰ্ক অতি গভীৰ। সমাজ এখনক প্ৰতিফলিত কৰাৰ লগতে সাহিত্য সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত বাতৰি কাকতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ বাতৰি কাকত কেৱল খবৰ যোগান ধৰা মাধ্যমেই নহয়, ই হ’ল নতুন প্ৰতিভা গঢ়াৰ এক অন্যতম মঞ্চ। বহু প্ৰতিষ্ঠিত সাহিত্যিকে স্বীকাৰ কৰে যে তেওঁলোকৰ সাহিত্য জীৱনৰ আৰম্ভণি হৈছিল বাতৰি কাকতৰ এটা সৰু কবিতা বা চিঠিৰ মাধ্যমেৰেহে।
সামৰণিত ক’ব পাৰি যে উদীয়মান লেখক-লেখিকা সকলৰ সাহিত্যিক জীৱন গঢ়ি তোলাত বাতৰি কাকতৰ অৱদান অনস্বীকাৰ্য। প্ৰতিভা বিকাশ, আত্মবিশ্বাস বৃদ্ধি, ভাষাগত দক্ষতাৰ উন্নয়ন, সামাজিক সজাগতা সৃষ্টি, পাঠকৰ সৈতে সম্পৰ্ক স্থাপন আৰু সাহিত্যিক পৰিচয় গঢ়ি তোলাৰ ক্ষেত্ৰত বাতৰি কাকতে যুগ যুগ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।অৰ্থাৎ বাতৰি কাকত হ’ল নতুন সাহিত্যিক জন্ম দিয়াৰ এক কাৰখানা। বাতৰি কাকতৰ পৃষ্ঠপোষকতা অবিহনে বহু প্ৰতিভাশালী লেখক হয়তো আন্ধাৰতে হেৰাই থাকিলহেঁতেন। ডিজিটেল যুগৰ তীব্ৰ প্ৰতিযোগিতাৰ মাজতো বাতৰি কাকত আজিও সাহিত্য আৰু সংস্কৃতিৰ এক শক্তিশালী বাহক। সেয়েহে, বৰ্তমানৰ ডিজিটেল যুগত ছপা মাধ্যমৰ লগতে ই-কাকতসমূহৰ সাহিত্য পৃষ্ঠায়ো উদীয়মান লেখক-লেখিকাসকলক উৎসাহিত কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত নিৰন্তৰ অৱদান যোগাই আহিছে। উদীয়মান লেখক-লেখিকা সকলৰ সৃষ্টিশীলতাক সঠিক দিশ নিৰ্দেশনা দি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত বাতৰি কাকতে ভৱিষ্যতেও সমানে অৱদান আগবঢ়াই যাব বুলি আশা কৰিব পাৰি।
