উত্তৰ প্ৰদেশত হালধীয়া ভেঁকুৰৰ সংক্ৰমণৰ ঘটনা পৰিলক্ষিত গৈছে

বাৰ্ত্তাসেৱা – উত্তৰ প্ৰদেশত ক’লা আৰু বগা ভেঁকুৰৰ ঘটনাৰ পিছত এতিয়া দেখা গৈছে হালধীয়া ভেঁকুৰৰ সংক্ৰমণৰ ঘটনা। দেশত ক’লা ভেঁকুৰৰ সংক্ৰমণ আৰু শেহতীয়াকৈ বগা ভেঁকুৰৰ ক্ষেত্ৰত অভূতপূৰ্বভাৱে সংক্ৰমণ বৃদ্ধি হোৱা দেখা গৈছে আৰু ই পাৰিপাৰ্শ্বিক ভেঁকুৰ বিয়পাৰ ফলত আৰু অপৰিস্কাৰ পৰিৱেশতো হ’ব পাৰে। আজিলৈকে, ভাৰতত ৮০০০ ৰো অধিক ঘটনা প্ৰতিবেদিত হৈছে। অৱশ্যে, এই মুহূৰ্তত এক নতুন বিপদৰ আশংকাই দেখা দিছে, ক’লা বা বগা ভেঁকুৰৰ তুলনাত যথেষ্ট ভয়ংকৰ এই হালধীয়া ভেঁকুৰৰ সংক্ৰমণ।

প্ৰতিবেদন অনুসৰি, উত্তৰ প্ৰদেশৰ গাজিয়াবাদত হালধীয়া ভেঁকুৰৰ সংক্ৰমণৰ প্ৰথমটো ঘটনা ধৰা পৰিছে। যদিও ইয়াৰ বিষয়ে অধিক তথ্য নাই, চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে হালধীয়া ভেঁকুৰ ক’লা আৰু বগা ভেঁকুৰৰ তুলনাত অধিক বিপদজনক হ’ব পাৰে।