‘উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন’ সভা অনুষ্ঠিত

pc- facebook

‘উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন’ সভা অনুষ্ঠিত

অনলাইন বাৰ্ত্তাসেৱা- গুৱাহাটীত ‘উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন’ অনুষ্ঠিত হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ লগতে ভাৰত চৰকাৰৰ প্ৰায় ৬০ জন প্ৰতিনিধি আৰু উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰীসকল উপস্থিত থাকে ৷ ‘প্ৰতিটো গ্ৰাম্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানলৈ খোৱাপানীৰ নল সংযোগ’ আৰু ইয়াৰ ৰাজহুৱা কাৰ্যকৰীকৰণৰ বিষয়ে এক জীৱন্ত তথা তীব্ৰ মত বিনিময়ৰ বাবে অনুষ্ঠিত হৈ এই গুৰুত্বপূৰ্ণ বৈঠক।