উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ সামৰণিত ভাষণ প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

pc Facebook

উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ সামৰণিত ভাষণ প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অনলাইন বাৰ্ত্তাসেৱা – বিজেপিৰ সাংসদ-বিধায়ক, মন্ত্রী, জিলা সভাপতিসকলক উদ্দেশ্যি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায় যে – আগন্তুক ৫টা বছৰত অসমৰ ভাগ্য পৰিৱৰ্তনৰ বাবে, অসমৰ বিকাশ-উন্নয়নৰ বাবে, জন্মভূমিৰ বাবে সকলোৱে কষ্ট স্বীকাৰ কৰিব লাগিব। দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হয় বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। এই সভাৰ সামৰণিত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মন্তব্য কোনো বিধায়ক, কোনো সাংসদে এইবাৰ শুবলৈ চেষ্টা কৰিলে কালে কেতিয়াও আমাক ক্ষমা নকৰিব। সময়ে আমাক কেতিয়াও ক্ষমা নকৰে। কাল আৰু সময়ে আমাৰ ফালে চাই আছে। অসমৰ যদি ভাগ্য পৰিৱৰ্তন কৰিব লাগে, সেয়া আমি কৰিব পাৰিম। যদি আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, তাৰ কাৰণ হ’ব ব্যক্তিগত জীৱনক সর্বাধিক অগ্ৰাধিকাৰ দিছোঁ। এনে অৱস্থাত হয়তো আমি ব্যক্তিগত জীৱনত সফল হ’ম, কিন্তু ৰাষ্ট্ৰ বা জন্মভূমিৰ বাবে একো কৰিব নোৱাৰোঁ। মই বিজেপিৰ প্রতিজন কার্যকর্তাক আহ্বান জনাইছোঁ—— আগন্তুক ৫টা বছৰ জন্মভূমিৰ বাবে কষ্ট স্বীকাৰ কৰিব লাগিব। যোৱা চাৰিটা মাহত প্রতিক্ষণ, প্ৰতিটো মুহূৰ্ত আমি জাতিটোৰ বাবে কিবা এটা কৰাৰ চেষ্টা কৰিছোঁ। কাৰ্যনির্বাহক সভাত আমাৰ চৰকাৰৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ অনা হৈছে। কিন্তু আমি ধন্যবাদৰ পাত্ৰ হ’ব পৰা নাই এতিয়াও। কোনো বিধায়ক মন্ত্রীয়ে অহংকাৰ কৰিব নালাগে। কিয়নো লক্ষ্য এতিয়াও বহু দূৰত। সেই লক্ষ্য অতিক্ৰম কৰিব লাগিব। দেশৰ ৫খন শ্রেষ্ঠ ৰাজ্যৰ শাৰীত থিয় হ’বলৈ আমি অশেষ কষ্ট কৰিব লাগিব। অসমৰ ভাগ্যলিপিৰ গ্ৰহ এতিয়া তুংগত আছে। গতিকে এই সুযোগ যদি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, তেন্তে নতুন প্রজন্মই আমাক কেতিয়াও ক্ষমা নকৰে। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকৰ সামৰণিৰ দিনটোত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্রীয় মন্ত্রীদ্বয় সর্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, ৰাজ্যিক প্রভাৰী বৈজয়ত জয় পাতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়া, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ-পূবৰ সাংগঠনিক সম্পাদক অজয়, জামৱাল।