বিশ্বজুৰি বায়ু প্ৰদূষণৰ ফলত বছৰি মৃত্যু হয় প্ৰায় ৭০ লাখ লোকৰ

pc Reuters

বিশ্বজুৰি বায়ু প্ৰদূষণৰ ফলত বছৰি মৃত্যু হয় প্ৰায় ৭০ লাখ লোকৰ

অনলাইন বাৰ্ত্তাসেৱা – উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ জনসাধাৰণৰ বাবে বায়ু প্ৰদূষণ মাৰাত্মক বুলি চিহ্নিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই। সকলো দেশতে স্বাস্থ্যক্ষেত্ৰত বায়ু প্ৰদূষণ ভাবুকি হিচাপে চিহ্নিত হৈ আহিছে। শেহতীয়াকৈ WHOৰ তৰফৰ পৰা মানুহৰ স্বাস্থ্যৰ বাবে বায়ু প্ৰদূষণ আটাইতকৈ ভয়াৱহ ভাবুকি বুলি উল্লেখ কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত ইতিমধ্যে পৃথিৱীত বিভিন্ন প্রাকৃতিক বিপৰ্যয়ত অসংখ্য লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। বায়ু প্ৰদূষণে প্ৰতিবছৰে প্ৰাণ কাঢ়িছে প্রায় ৭০ লাখ লোকৰ।