উচ্চ শিক্ষা সঞ্চালকালয়ে নিজ ইচ্চাৰে কলেজৰ খালী পদ পূৰণ নকৰিবলৈ নিৰ্দেশ

pc- way2barak

উচ্চ শিক্ষা সঞ্চালকালয়ে নিজ ইচ্চাৰে কলেজৰ খালী পদ পূৰণ নকৰিবলৈ নিৰ্দেশ

অনলাইন বাৰ্ত্তাসেৱা– উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়সমূহত খালী হোৱা যিকোনো পদৰ সাক্ষাৎকাৰ আৰু নিযুক্তি প্ৰক্ৰিয়া আগ নবঢ়াবলৈ জৰুৰী নিৰ্দেশনা প্ৰদান কৰিছে। সকলো মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা এক জৰুৰী পত্ৰত উচ্চ শিক্ষা সঞ্চালক ডি কে মিলিয়ে তাৎক্ষণিকভাৱে এনে ধৰণৰ তৎপৰতা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। কোনো মহাবিদ্যালয়ে যদি ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰি সাক্ষাৎকাৰৰ বাবে দিন ধাৰ্য কৰিছে তেন্তে এই সাক্ষাৎকাৰ প্ৰক্ৰিয়াও সাময়িকভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা সকলো মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে সঞ্চালকালয়ৰ তৰফৰ পৰা পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত মহাবিদ্যালয়ৰ অধ্যক্ষ, সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিক আৰু আন কৰ্মচাৰীৰ খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব। সঞ্চালকালয়ৰ অনুমোদন মৰ্মেহে পৰৱৰ্তী সময়ত মহাবিদ্যালয়সমূহে এনে কাম আগবঢ়াব পাৰিব। নিৰ্দেশনাটোত লগতে এই কথাও কোৱা হৈছে যে নিযুক্তিৰ বাবে কোনো মহাবিদ্যালয়ে যদি ইতিমধ্যে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে বা সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব তেন্তে এনে ধৰণৰ প্ৰক্ৰিয়াও সামায়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে।

(richa)