ইস্তাহাৰ – প্ৰাৰ্থনা সন্দিকৈ

Pc Unsplash

ইস্তাহাৰ

প্ৰাৰ্থনা সন্দিকৈ

যাও বোলা ফাগুনৰ দুপৰীয়াটোত
সেউজ স্বপ্ন মিশ্ৰিত ভাষাৰে ,
তুমি মোৰ মনৰ ৰ’দ ঘাই চোতালত
এটি অনামী সুৰৰ লহৰ তুলিছিলা
মই কাণ পাতি শুনিছিলোঁ।
সুৰটিৰ ভাবাৰ্থ বুজা-নুবুজা
চিত্ৰকল্প এখন মনত আঁকিছিলো
সুৰটিৰ শেষলৈকে,
শেহান্তৰত মোৰ মন বননিত ওলমি ৰৈছে
অনাঘ্ৰাত কিছু আশা আৰু বিষাদৰ ছাঁ।
মই কিছুদিনৰ আগতে
তোমাৰ চকুত এটা সূৰ্য আঁকিছিলো,
তোমাৰ অজ্ঞাতে।
তোমাক জনোৱাৰ ইচ্ছা নাছিল
নাৰিকল গছৰ পাতৰ মাজেদি সৰকি অহা
মোৰ বুকুৰ বতাহ জাকৰ কথা।
মোৰ অজ্ঞাতে তুমি বুজি উঠিছিলা
বেলিমুখী ব’হাগৰ সংগ্ৰামী আঁচলৰ আঁৰত
সততাৰে জী থকা সৰলতাৰ কথা।
তথাপিও সন্মুখৰ
 অদৃশ্য কিম্বা অনিশ্চিত সময়বোৰৰ বুকুত
এমুঠি বিশ্বাস জুবুৰিয়াই কৈ উঠিছিলা-
‘ব’লা আমি ভৱিষ্যতৰ আকাশত এটা নতুন সূৰ্য আকোঁ।’