ইমৰাণ খানৰ আক্ৰমণকাৰীয়ে ক’লে কিয় হত্যাৰ চেষ্টা কৰিছিল ইমৰাণ খানক

Pc The Indian Express

ইমৰাণ খানৰ আক্ৰমণকাৰীয়ে ক’লে কিয় হত্যাৰ চেষ্টা কৰিছিল ইমৰাণ খানক

ৰঙিলী বাৰ্ত্তাসেৱা–  পাকিস্তানৰ ৱাজিৰাবাদ চহৰৰ এক সমদলত আক্ৰমণকাৰীৰ গুলীচালনাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আহত হোৱাৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ আক্ৰমণকাৰীয়ে কয় যে ইমৰাণ খানে মানুহক “বিপথে পৰিচালিত” কৰাৰ বাবে খানক হত্যাৰ চেষ্টা কৰিছিল। আক্ৰমণকাৰী নভিদ মহম্মদ বছিৰে স্বীকাৰ কৰে যে, তেওঁ পিটিআইৰ অধ্যক্ষগৰাকীক হত্যা কৰাৰ কথা ভাবিছিল কাৰণ তেওঁ “মানুহক বিপথে পৰিচালিত কৰিছে”। “ইমৰাণ খানে ৰাইজক বিপথে পৰিচালিত কৰিছে গতিকে মই তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো” বুলি প্ৰকাশ কৰে আক্ৰমণকাৰীজনে। তদুপৰি, তেওঁ ইমৰাণ খানক আজানৰ সময়ত সংগীত বজোৱা আৰু নৃত্য কৰাকে ধৰি আল্লাহক নিন্দা কৰাৰ অভিযোগো উত্থাপন কৰিছে। “মই কেৱল ইমৰাণ খানক হত্যা কৰিব বিচাৰো” বুলিও মন্তব্য কৰিছে আক্ৰমণকাৰীজনে।