ইতিহাসত প্ৰথমবাৰৰ কাৰণে মানুহৰ দেহত সফলতাৰে সংৰোপন গাহৰিৰ হৃদপিণ্ড

ইতিহাসত প্ৰথমবাৰৰ কাৰণে মানুহৰ দেহত সফলতাৰে সংৰোপন গাহৰিৰ হৃদপিণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকাৰ এখন হাস্পতালত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড। ইতিহাসত প্ৰথমবাৰৰ কাৰণে হোৱা এই অস্ত্ৰোপচাৰে মানৱ সমাজক অংগ সংৰোপনৰ দিশত আৰু এক খোজ আগুৱাই লৈ গ’ল।এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা এই বাতৰি আজিৰ দিনটোত আন্তৰাষ্ট্ৰীয় স্তৰত সবাতোকৈ চৰ্চিত খবৰ।ডেভিদ বেনেট নামৰ ৫৭বছৰীয়া ব্যক্তিগৰাকীৰ দেহত প্ৰথমবাৰৰ বাবে সংৰোপন কৰা হৈছে গাহৰিৰ হৃদযন্ত্ৰ।আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলৰ এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। উল্লেখ্য যে, প্ৰায় ২৫বছৰৰ আগেয়ে এনেদৰেই মানৱ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰি প্ৰায় ৯৫শতাংশ সফলতা লাভ কৰিছিল ডাঃ ধনীৰাম বৰুৱাই।১৯৯৭চনত মানৱ দেহত গাহৰিৰ হৃৎপিণ্ড সংৰোপনৰ কৰাৰ প্ৰচেষ্টাত হাতত লৈ গুৱাহাটীত জেলৰ ভাত খাইছিল ডাঃ ধনীৰাম বৰুৱাই।কিন্তু বৰুৱাই সিঁচি থৈ যোৱা চিন্তাৰ অতি সম্প্ৰতি সফল ৰূপায়ণ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত।