ইছলাম ধৰ্মৰ দৃষ্টিত ধৰ্ষন কাৰ্য আৰু ইয়াৰ বিহিত শাস্তি-ফখৰুদ্দিন আহমেদ

Pc-123rf

ইছলাম ধৰ্মৰ দৃষ্টিত ধৰ্ষন কাৰ্য আৰু ইয়াৰ বিহিত শাস্তি
~~~~~

ফখৰুদ্দিন আহমেদ

বিশ্বত সংক্ৰমনৰ দ্বাৰা সংহাৰী ৰূপ ধাৰন কৰি মানৱ সভ্যতালৈ অশনি সংকেত কঢ়িয়াই অনা কৰ’না ভাইৰাছৰ নিত্য নতুন বৈশিষ্ট্যই যি দৰে বিশ্বৰ শক্তিশালী দেশবোৰকো কম্পমান কৰি ৰাখিছে ঠিক সেই দৰে বিশ্ব , আমাৰ দেশ ভাৰতবৰ্ষ আৰু ৰাজ্য অসমকো প্ৰতি নিয়ত ঘটি থকা অমানবীয় ধৰ্ষন কান্ডই লজ্জ্বানত কৰি আছে। এই অমানবীয় ধৰ্ষন কান্ডত বিশেষকৈ কিছু বছৰ পুৰ্বে সংঘটিত আছিফাৰ ধৰ্ষন কান্ডই ভাৰতবৰ্ষক বাৰুকৈয়ে জোকাৰি গৈছিল। পিছে আশাৰ বতৰা কঢ়িয়াই অনা খবৰটো আছিল ভাৰতৰ ন্যায় পালিকাৰ যথাবিহিত প্ৰচেষ্টাত সেই ধৰ্ষন কান্ডত জৰিত অধম কেইজনক ফাঁচী কাঠত ওলোমাই মৃত্যুদন্ডৰে দন্ডিত কৰা হৈছিল। পিছে সেই মৃত্যুদন্ডই ধৰ্ষনৰ দৰে অমানবীয় কুকাৰ্যৰ অন্ত পেলাব পৰা নাই কিয়? দেশৰ জনতাৰ মন আৰু মগজুত এই প্ৰশ্ন আৰু উদ্বিগ্নতাই অহৰ্নিশে দোলা দি আছে।
আমাৰ ভাৰতবৰ্ষত ধৰ্ষনকান্ডত জৰিত ৰাম ৰহিমৰ দৰে ভগৱানৰ অবতাৰ বুলি গন্য কৰি পুজা পোৱা ব্যক্তিৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ মন্ত্ৰী, বিধায়ক আৰু সমাজৰ বহুতো মুখা পিন্ধা ভদ্ৰ লোকো সম্প্ৰতি জেলৰ কুঠৰীত বন্দীত্বৰ জীৱন কটোৱা কাৰ্যই বাৰে বাৰে দেশবাসীক সকিয়াই দি আছে আমাৰ দেশৰ মাতৃ জাতি কিমান পৰিমানে সুৰক্ষিত। নামবোৰ বিভিন্ন কাৰনত ল’ব বিচৰা নাই আৰু আটাইতকৈ আচৰিত বিষয়টি হ’ল ভাৰতবৰ্ষত বিশেষকৈ ধৰ্ষন কান্ডত জৰিত নিজকে ক্ষমতাশালী বুলি ভবা চৰিত্ৰহীন সকল কিন্তু কোনো কোনো ৰাজনৈতিক দল আৰু চৰকাৰ সমূহৰ আশিষ ধন্য লোক হয়।
আমাৰ দেশ আৰু ৰাজ্যত এনে ধৰনৰ অপৰাধ জনিত কাৰ্যবোৰ নিশেষ নোহোৱা বৰঞ্চ তীব্ৰতম ভাবে বাঢ়ি থকাৰ মুল কাৰক বহুত আছে যদিও মূল কাৰকটো মোৰ মতে হ’ল এই যে এনে নিৰ্লজ আৰু অমানবীয় কুকান্ড বোৰৰ বিচাৰ প্ৰক্ৰিয়াৰ লেহেম গতি। অৱশ্যে সাম্প্ৰতিক সময়ত এনে অপৰাধবোৰ ” ফাষ্ট ট্ৰেক ” আদালতত বিচাৰ কৰি কম সময়ৰ ভিতৰত দোষীক শাস্তি বিহাৰ ব্যবস্থা কৰা হৈছে। শুনি ভাল লাগিলেও প্ৰতিটো বিষয়তে ৰাজনৈতিক চাপ প্ৰয়োগৰ জৰিয়তে যিকোনো কৰ্তৃপক্ষক বিমোৰত পেলোৱা শাসন যন্ত্ৰৰ ভাৰতীয় পৰম্পৰাই যে এনে হ’ব দিয়াত অন্তৰায়ৰ সৃষ্টি কৰিব সেয়া বেলিৰ পোহৰৰ দৰেই সত্য।
ইছলাম ধৰ্মই এই ধৰ্ষন কান্ডৰ ক্ষেত্ৰত কি ধৰনৰ ব্যবস্থা গ্ৰহনৰ বাবে নিৰ্দেশ দিছে সেই বিষয়ত যদিহে আলোচনা কৰা যায় তেতিয়া হয়তো এক শ্ৰেনীৰ তথাকথিত মাবৱ দৰদী সংস্থাই তাক অকপটে ” তালিবানী শাস্তি ” বুলি অভিহিত কৰিব পাৰে। কিন্তু এয়া ধ্ৰুব সত্য যে ইছলাম ধৰ্মৰ বিধি বিধান বিশেষকৈ ইছলামিক দেশবোৰত প্ৰচলিত কাৰনে সেই দেশবোৰত বিশ্বৰ আন দেশৰ তূলনাত ধৰ্ষনৰ কুকাৰ্যৰ সংখ্যা বহুত পৰিমানে কম।সেয়েই হয়তু অামাৰ ভাৰত বা অসমত বৰ্বৰ ধৰ্ষন কান্ড সংঘটিত হ’লেই এচাম অধ্যয়নশীল আৰু প্ৰকৃত মানব দৰদী ব্যক্তিয়ে চ’চিয়েক মেডিয়া বা অন্যান্য প্ৰচাৰ মাধ্যমত উনুকিয়াই দিয়ে যে ধৰ্ষনকাৰীৰ শাস্তি প্ৰয়োগৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ নীতি নিয়ম প্ৰয়োগ কৰিব লাগে।এতিয়া কথা হ’ল ইছলাম ধৰ্মই ধৰ্ষনকাৰীৰ ক্ষেত্ৰত কেনে ধৰনৰ ব্যবস্থা গ্ৰহনৰ পোষকতা কৰে?
ইছলাম ধৰ্মত ধৰ্ষন কাৰ্যক “জিনাহ” শব্দৰে নামাকৰন কৰে। এই জিনাহত সন্মতি সাপেক্ষে বা সন্মতি অবিহনে লিপ্ত সকলৰ কঠোৰ শাস্তিমূলক ব্যবস্থাৰ নিৰ্দেশনা আছে। অবিবাহিত আৰু বিবাহিত ব্যক্তিৰ ক্ষেত্ৰত শাস্তিৰ প্ৰকাৰ ভিন্ন ধৰনৰ হয়। অবিবাহিত ব্যক্তি যুগলৰ যদি দুয়োৰে সন্মতি সাপেক্ষে এনে কুকাৰ্যত লিপ্ত হয় তেনেহ’লে তেওলোকক ৰাজহুৱা ভাবে এশ টা তীব্ৰ বেত্ৰাঘাট কৰিব লাগিব। এই বেত্ৰাঘাটত জৰিত ব্যক্তিৰ মৃত্যু অবধাৰিত নহয় যদিও মৃত্যু বৰন কৰিবলগা হোৱাটোৰেই সম্ভাৱনা অধিক। অৱশ্যে ইছলাম ধৰ্মৰ ঠিকা লোৱা তথাকথিত মোল্লা নাইবা আলিমে সাম্প্ৰতিক সময়ত নাম মাত্ৰ বেত্ৰাঘাট কৰি ইছলাম ধৰ্মীয় বিধি বিধান প্ৰয়োগৰ নাটক কৰি বিনিময়ত অৰ্থৰ আদান প্ৰদানেৰে সমস্যাটি শেষ কৰি থোৱাৰ যি অপচেষ্টা কৰে সেই প্ৰক্ৰিয়াই দোষীক ধৰ্মীয় ভাবেও উপযুক্ত শাস্তিৰ পৰা ৰহিত কৰে আৰু দেশীয় সাংবিধানিক শাস্তি পোৱাৰ পৰাও ৰেহাই প্ৰদান কৰে । ইয়াক এনে কুকৰ্মৰ প্ৰতি উদ্গনি যোগোৱাৰ নামান্তৰ বুলিও অভিহিত কৰিব পাৰি।
বিবাহিত ব্যক্তি যুগল যদি সন্মতি সাপেক্ষে এনে ঘৃননীয় কাৰ্যত জৰিত হয় তেনেহ’লে দুয়োকে মুকলি পথাৰত ককালৈকে পুতি লৈ চাৰিওফালৰ পৰা উপস্থিত জনতাই শিলগুটি নিক্ষেপ কৰিব লাগে আৰু দুয়োজনৰ মৃত্যু নোহোৱালৈকে এনে নিক্ষেপ কাৰ্য অব্যাহত ৰাখিব লাগে।ধৰ্ষনকাৰীৰ মনোবৃত্তি থকা লোকসকলে এনে শাস্তিমূলক ব্যবস্থাৰ যদি প্ৰত্যক্ষ কৰাৰ সুযোগ পাই তেনেহ’লে ধৰ্ষনকাৰ্যৰ নিৰ্মূল নহ’লেও প্ৰায় শতাংশই কমি যাব বুলি দৃঢ়তাৰে আশা কৰিব পাৰি। প্ৰকৃত বিষয়টি হ’ল আমাৰ দেশ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।আমাৰ দেশত ইছলামিক নীতি নিয়ম মতে কোনো শাস্তিৰ বিধান ল’ব পৰা নাযায়।
ধৰ্ষন বা জিনাহ কাৰীৰ ক্ষেত্ৰত হজৰত মোহাম্মদ ছঃ য়ে নিজৰ জীৱদ্দশাত লোৱা ব্যবস্থাৰ কথা উনুকিয়াব পাৰি। এবাৰ এগৰাকী মহিলাই তেখেত ছঃৰ ওচৰলৈ আহি আবেদন কৰিলে যে মহিলা গৰাকী নিজৰ সন্মতি সাপেক্ষে জিনাহত লিপ্ত হৈছে আৰু সেই সময়ত তাই গৰ্ভৱতী ।গতিকে ইয়াৰ ওপৰত ইছলাম ধৰ্মীয় বিধান মতে শাস্তিৰ ব্যবস্থা কৰিব লাগে। তেতিয়া হজৰত মোহাম্মদ ছঃ য়ে মহিলাগৰাকীক সন্তানটি জন্ম হোৱাৰ পিছত আহিবলৈ নিৰ্দেশ দিলে। মহিলা গৰাকী সন্তান জন্মৰ পিছত আহি হজৰত মোহাম্মদ ছঃক ব্যবস্থা গ্ৰহনৰ বাবে মনত পেলাই দিলে। তেতিয়া তেখেত ছঃ য়ে পুনৰ সন্তানটিয়ে মাকৰ গাখীৰ খোৱা এৰাৰ পিছত আহিবলৈ ক’লে। সেই মতে মহিলা গৰাকী পুনৰ প্ৰায় দুবছৰ পিছত হজৰত মোহাম্মদ ছঃৰ ওচৰলৈ অহাত সন্তানটি নিজেই চলা ফুৰা কৰিব পৰা হোৱাৰ পিছত আহিবলৈ ক’লে। কিছু বছৰৰ পিছত পুনৰ মহিলা গৰাকী তেখেত ছঃ ৰ ওচৰলৈ আহি শাস্তিৰ কথা মনত পেলাই দিয়াত শিলগুটি নিক্ষেপ কৰি শাস্তি প্ৰয়োগৰ সিদ্ধান্ত দিছিল আৰু শাস্তি কাৰ্যকৰীও কৰা হৈছিল।
আন এবাৰ এগৰাকী যুবক হজৰত মোহাম্মদ ছঃৰ ওচৰলৈ আহি আবেদন কৰিলে যে যুবক জনক ধৰ্ষন বা জিনাহ কৰাৰ অনুমতি দিব লাগে । তেতিয়া হজৰত মোহাম্মদ ছঃয়ে সুধিলে যে যুবক জনে সহ্য কৰিব নে তাৰ ভনীয়েকৰ লগত কোনোবা যুবকে ধৰ্ষন কৰক। তেতিয়া যুবক জনে উত্তৰ দিলে যে তেও কেতিয়াও কামনা নকৰে। তাৰ পিছত হজৰত মোহান্মদ ছঃ য়ে যুবক জনক পুনৰ সুধিলে যে যুবক জনে সহ্য কৰিব নে তাৰ মাকৰ লগত কোনোবাই ধৰ্ষন কৰক।তেতিয়া যুবক জনে উত্তৰ দিলে যে তেও কেতিয়াও কামনা নকৰে। এইদৰে হজৰত মোহাম্মদ ছঃয়ে যুবক জনক সকলো ধৰনৰ সম্পৰ্কীয় নাৰীৰ প্ৰসংগ উপস্থাপন কৰিলে আৰু প্ৰতিবাৰেই যুবক জনে নাকচ কৰিলে। শেষত তেখেত ছঃ য়ে যুবক জনক স্মৰন কৰাই দিলে যে যুবক জনে যি গৰাকী মহিলাকেই ধৰ্ষন কৰিব তেৱো কাৰোবাৰ নহয় কাৰোবাৰ ভনী , মাঁ নতুবা সম্পৰ্কীয় হয়। যুবকজনে যিদৰে তাৰ ভনী , মা বা আন সম্পৰ্কীয় নাৰীৰ সৈতে আনে ধৰ্ষন কৰা কামনা নকৰে ঠিক তেনেদৰে আনেও নকৰে। তাৰ পিছত হজৰত মোহাম্মদ ছঃয়ে যুবকজনৰ বুকুত হাত ৰাখি এনে কু কাৰ্যৰ পৰা আতৰাই ৰাখিবলৈ আল্লাহৰ ওচৰত দোৱা কৰি ওভতাই পঠিয়ালে।
মুঠৰ ওপৰত ধৰ্ষন কাৰ্যৰ দৰে বৰ্বৰ ঘৃননীয় কাৰ্যৰ স’তে জৰিত সকলক কোনো কাৰনতেই শাস্তিৰ পৰা ৰেহাই দিব নালাগে আৰু দেশ তথা ৰাজ্যৰ সচেতন নাগৰিক সকলে এনে বৰ্বৰোচিত কাৰ্যৰ বিৰূদ্ধে সুচিন্তিত আৰু সজাগতাৰ সৃষ্টিত বাৰুকৈয়ে জৰিত হ’ব লাগে । এনে পদক্ষেপৰ জৰিয়তেহে এনে ধৰনৰ বৰ্বৰ কুকাৰ্যৰ পৰা আমাৰ মাতৃজাতিক সুৰক্ষা প্ৰদান কৰিব পৰা যাব।