মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেকচিনেচনক লৈ বৃহৎ ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেকচিনেচন ক লৈ বৃহৎ ঘোষণা

অনলাইন বার্তাসেৱা: মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’বলগীয়া বৰ্ধিত টিকাকৰণ অভিযান সন্দৰ্ভত ৰাজ্যখনৰ সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ যোগে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যখনত প্ৰতিদিনে তিনি লাখ লোকক টিকাকৰণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এই কাৰ্যসূচী অভিযান আকাৰে ৰূপায়ণৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ তেখেতে ২১ জুনৰ পৰা ৩০ জুনলৈ এই লক্ষ্য বাহাল ৰখাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে৷ অহাঅহা ২১ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰ ঊৰ্ধ্বৰ সকলো লোকলৈ বিনামূলীয়া ভেকচিন প্ৰদান কৰিব ৷ নগৰ অঞ্চলত ২টা খেপত ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টিকাকৰণ অব্যাহত থাকিব৷ আনহাতে, গ্ৰামাঞ্চলত ৰাতিপুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ এই কেন্দ্ৰসমূহে সেৱা অব্যাহত ৰাখিব৷ এই সময়খিনিৰ ভিতৰত কেন্দ্ৰত প্ৰৱেশ কৰা সকলো লোককে টিকাকৰণ কৰা হ’ব৷ চাহ বাগিচাকে ধৰি সকলো অঞ্চল এই ব্যাপক কাৰ্যসূচীৰে সঠিকভাৱে সামৰাৰ পদক্ষেপ ল’বলৈ তেখেতে নিৰ্দেশ দিয়ে৷ দুখীয়া-নিছলা তথা নিৰক্ষৰ জনসাধাৰণক টিকাকৰণৰ পঞ্জীয়নত সহায় কৰাৰ বাবে সকলো টিকাকৰণ কেন্দ্ৰত থিতাতে পঞ্জীয়ন কৰিব পৰা একোগৰাকীকৈ সুনিৰ্দিষ্ট পঞ্জীয়ন কৰ্মী থাকিব বুলিও তেখেতে কয়৷