আত্ম-কৰুণা – হৰেন কপ্তাক

Pc Shutterstock

আত্ম-কৰুণা

হৰেন কপ্তাক

মানৱ দেহাৰে জনম লভিলো
চাল আৰু হাঁড়েৰে সজোৱা জঁকা এটি লৈ
খেতি কৰো কবিতাৰ
শব্দৰ দলিছাত
ভাগৰুৱা দেহাৰে দীঘলকৈ পৰিলো
দূৰৈৰপৰা এদল কুকুৰে
চুঁচৰি ভাগৰি টানিছে
মাংসপিণ্ড নাপাই বপুৰা
চাল আৰু হাঁড়কে চুবাই
জিভাৰ তেজ ওলাইছে
আন্ধাৰ বাটত জেউতিৰ উমান পাবলৈ
স্ৰজিলে ঈশ্বৰে নয়ন যুৰি
নামত আছে কামত নাই
কিনো বুলিবা পৰ
অৰ্ধাংগিনীও বোলে
অশ্ব অন্ধ কণা ঘোঁৰা
অধিক বিচাৰি কাকনো দুখিবা হায়
যি পাইছো যথেষ্ট সেয়াই আই